ধুবুৰীৰ গৌৰীপুৰত নকল সোণসহ আটক এটা সৰবৰাহকাৰী

আৰক্ষীয়ে এক গোপন অভিযানত তাৰঘাট অঞ্চলৰ পৰা আটক কৰে নকল সোণসহ এটা সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰীটোৰ পৰা নকল সোণৰ দুটাকৈ টুকুৰা জব্দ কৰে আৰক্ষীয়ে । 

author-image
Asomiya Pratidin
New Update
sdsdsd

ধুবুৰীৰ গৌৰীপুৰত নকল সোণসহ আটক এটা সৰবৰাহকাৰী

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ গৌৰীপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে নকল সোণৰ বিৰুদ্ধে অভিযান। আৰক্ষীয়ে এক গোপন অভিযানত তাৰঘাট অঞ্চলৰ পৰা আটক কৰে নকল সোণসহ এটা সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰীটোৰ পৰা নকল সোণৰ দুটাকৈ টুকুৰা জব্দ কৰে আৰক্ষীয়ে। 

ইফালে, জব্দকৃত নকল সোণখিনিৰ পৰিমাণ হৈছে ৭৫৮ গ্ৰাম। সৰবৰাহকাৰীটো দক্ষিণ গেৰামাৰি গাঁৱৰ মোন্নাফ আলী বুলি জানিব পৰা গৈছে। বৰ্তমান সৰবৰাহকাৰীটোক গৌৰীপুৰ আৰক্ষীয়ে থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। 

নকল সোণ