/asomiyapratidin/media/media_files/2025/07/31/ap-for-web-111-2025-07-31-23-53-24.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাত নিৰ্মান হৈ থকা মথাউৰিসমূহ অতিশীঘ্ৰেই বিজ্ঞানসন্মতভাৱে নিৰ্মান কৰা, গাইনদী মথাউৰি কামৰ আৱন্টন পোৱা ঠিকাদাৰ অশোক কুমাৰ আগৰৱালা, ৰোহিত চাহ আৰু টি. ডি এন্টাৰপ্ৰাইজ( তৰুণ দত্ত)ক শীঘ্ৰেই ব্লেক লিষ্টেড কৰা আৰু বহু বিতৰ্কিত ধেমাজি জল সম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তাগৰাকীক তদন্তৰ আওতালৈ অনাৰ দাবীত বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হয়। এই প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ আহ্বানত দুই শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ আৰু বিভাগটোৰ প্ৰতিবাদ কৰে।
জল সম্পদ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰায় এক ঘণ্টা সময় ধৰি ধৰ্ণা কাৰ্য্যসূচীৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে হাতে-হাতে বেনাৰ , পোষ্টাৰ, প্লে'কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায় , জলসম্পদ বিভাগৰ কোনো কাম নাই , জল সম্পদ মন্ত্ৰী হুঁচিয়াৰ ইত্যাদি শ্ল'গানেৰে পৰিষদৰ জিলা কাৰ্য্যালয়ৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি জল সম্পদ বিভাগৰ কাৰ্য্যালয়ৰ সমুখত ধৰ্ণা কাৰ্য্যসূচী পালন কৰে ৷
কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সম্পাদক ৰঞ্জন বৰাই ৷ প্ৰতিবাদী সভাত ধেমাজি জিলাত নিৰ্মীয়মাণ অৱস্থাত থকা মথাউৰিসমূহ নিদ্ধাৰিত সময়ত সম্পূৰ্ণ নোহোৱা বাবে প্ৰথমটো বানতে জোনাই ৰায়েং নদীয়ে আৰু নাহৰনলা , গাইনদীয়ে ধেমাজি আমগুৰি সংযোগী পথৰ উপৰিও জীয়াঢল নদীয়ে কমলপুৰ অঞ্চলত পশুধন আৰু কৃষিভূমি বিস্তৰ ক্ষতিসাধন হোৱাৰ পিছতো চৰকাৰ , জল সম্পদ বিভাগটোৰ ইয়াৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই বুলিও প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷
সভাত ধেমাজি জল সম্পদ বিভাগটোৱে ৩১ কোটি টকাৰে গাইনদী কেৰেকনী বাওঁপাৰে নিৰ্মান হৈ থকা মথাউৰি চলিত বৰ্ষৰ মাৰ্চ মাহতে ম্যাদ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত কামৰ আৱন্টন পোৱা ঠিকাদৰে এতিয়ালৈকে মাত্ৰ ৩৫ শতাংশ মানহে কামৰ অগ্ৰগতি হৈছে। এই কাৰ্যক লৈ বাৰম্বাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিযোগ কৰি পিছতো জিলা প্ৰশাসন আৰু জল সম্পদ মন্ত্ৰীগৰাকীয়ে আজিও কোনো গুৰুত্ব নিদিয়া কাৰ্য্যই মন্ত্ৰী আৰু বিভাগৰ বিষয়া- কৰ্মচাৰীসকলৰ দুৰ্নীতিৰ স্পষ্ট হৈ পৰা বুলি প্ৰতিবাদকাৰীসকলে মুকলিকৈ বক্তব্য প্ৰদান কৰে।
আনহাতে ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷