/asomiyapratidin/media/media_files/2025/07/12/387-2025-07-12-23-31-10.jpg)
ডিজিটেল সংবাদ, ধেমাজি : চৰকাৰে ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ মহিলাসকলৰ স্বনিৰ্ভৰশীলতা বাবে ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জৰিয়তে ৪,৬ আৰু ১০ লাখ টকাপৰ্যন্ত আত্মসহায়ক গোটসমূহলৈ ঋণ প্ৰদান কৰিছে। এই ঋণৰ ধনক লৈ ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ধেমাজি খণ্ড কাৰ্য্যালয়ত হোৱা এক কেলেংকাৰী কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে উক্ত অভিযানৰ ধেমাজি খণ্ড কাৰ্য্যালয়ৰ পৰা ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাত বেংক মিত্ৰ হিচাপে দায়িত্ব অৰ্পন কৰা উত্তৰ ধেমাজিৰ কল্পনা চেতিয়া বৰ্মনে এক দুষ্ট চক্ৰৰ জৰিয়তে ৰাজ্যিক গ্ৰামীন অভিযানৰ অনুমোদিত আত্মসহায়ক গোটৰ ক'ড নম্বৰ আৰু নাম জালিয়াতি কৰি ৪৮টা আত্মসহায়ক গোটৰ ৪৮০ গৰাকী সদস্যাৰ নামত ভাৰতীয় ষ্টেট বেংকৰ পৰা ৩ কোটিৰো অধিক টকাৰ ঋণৰ ধন উলিয়াই নিয়া কেলেংকাৰী তথ্য পোহৰলৈ আহিছে ৷
এই ঘটনা পোহৰলৈ অহাৰ পিছত ধেমাজি খণ্ড কাৰ্য্যালয় আৰু ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাত ভুক্তভোগী সদস্যা সকলে গৈ ইয়াৰ উচিত তদন্ত বিচাৰি উতপ্ত পৰিবেশৰ সৃষ্টি কৰিছে ৷ ইফালে ধেমাজি জিলা কাৰ্য্যালয়ৰ জিলা প্ৰকল্প পৰিচালক জয়ন্ত বৰাই সংঘটিত হোৱা কেলেংকাৰীৰ বিষয়ে স্বীকাৰ কৰি এই ঘটনা তদন্ত অব্যাহত ৰখাৰ লগতে বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে ৷
উল্লেখযোগ্য যে, ধেমাজি খণ্ড কাৰ্য্যালয়ৰ ভুক্তভোগী গোটসমূহ হৈছে অনামিকা জীৱিকা আত্মসহায়ক গোট , আয়ং জীৱিকা, বৰষা আত্মসহায়ক গোট , জাগৰণ জীৱিকা , জনকল্যাণ , জোনবাই জীৱিকা , জ্যোতি জীৱিকা , কাংকু বলমা কাংকান, জীৱিকা, মিলিজুলি জীৱিকা , ৰুজি জীৱিকা , শান্তি আত্মাসহায়ক গোট , সেউজী , ৰোৱাদ গ্ৰামীণ , চিলা জীৱিকা , চেনেহী জীৱিকা , তেজিমলা , আইমী জনকল্যাণ , সেউজ জ্যোতি , কাংকু বলমা আপুন জীৱিকা , ৰাই দিহিঙীয়া ৰিবিগাছেং,কল্যাণী, আলোক জীৱিকা , দৃষ্টি , সেউজী , শেৱালি , পূজা , পাহাৰী জীৱিকা , গৌৰি , কনকলতা জীৱিকা , ৰূপালী জীৱিকা ,স্মৃতি জীৱিকা , বৰ্ণালী , পাৰিজাত , লখিমী জীৱিকা , জোনতৰা জীৱিকা , জননী জীৱিকা , প্ৰগতিশীত , ৰেঙনী আদি ৷
ইফালে ৩কোটি টকা কেলেংকাৰীৰ সৈতে জড়িত থকা কল্পনা চেতিয়া বৰ্মনে ২০২২ চনতে বেংক মিত্ৰ হিচাপে যোগদান কৰাৰ তিনি বছৰ নৌহওঁতেই বিলাসী গাড়ী, মটৰচাইকেল আৰু ধেমাজি কেইবাঠাইতো মাটি ক্ৰয় কৰি বিলাসী জীৱন যাপন কৰিছে ৷ উল্লেখ্য যে ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ কাৰ্য্যালয়ত বেংক মিত্ৰ হিচাপে কৰ্মৰত যদিও কল্পনা চেতিয়া বৰ্মনে ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলাৰ কৃষক মৰ্চাৰ সম্পাদিকা দায়িত্বতো আছে ৷
একাংশ লোকে অভিযোগ কৰা মতে শাসকীয় বিজেপি দলৰ কিষাণ মৰ্চাৰ নেত্ৰী হোৱা বাবেই ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান আৰু ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাতো প্ৰভুত্ব খটুৱাই অতি কৌশলেৰে জালিয়াতিৰে তিনি কোটি টকাৰ হৰলুকী কৰিলে ৷ আন ফালে বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনৰ ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা দাবীত ইতিমধ্যে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বহু কেইটা আত্মসহায়ক গোটে জিলা আৰক্ষী অধীক্ষক আৰু আৰক্ষী থানাত সুকীয়া- সুকীয়াকৈ এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ অৱেশ্যে ভুক্তভোগী আত্মসহায়ক গোটৰ মহিলাসকলে লুণ্ঠনকাৰী বেংক মিত্ৰ আৰু ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান কাৰ্য্যালয় তথা বেংকৰ ওপৰত তদন্ত কৰি এক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহিলাসকলে দাবী জনাইছে ৷