অসম- ত্ৰিপুৰা সীমান্তত বুজন পৰিমাণৰ কফ চিৰাফ জব্দ

অসম- ত্ৰিপুৰা সীমান্তত বুজন পৰিমাণৰ কফ চিৰাফ জব্দ

author-image
Asomiya Pratidin
New Update
অসম- ত্ৰিপুৰা সীমান্তত বুজন পৰিমাণৰ কফ চিৰাফ জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ অসম- ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত বুজণ পৰিমাণৰ নিচাজাতীয় কফ ছিৰাফ জব্দ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে। চুৰাইবৰী তালাচী গেটত নিয়মীয়া তালাচী চলোৱাৰ সময়ত এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় কফ ছিৰাফৰ বটল‌সমুহ ।

Advertisment

এইচ আৰ ৩৭ই-৭২০৫ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই উদ্ধাৰ কৰা‌ হয়‌ ২২টা কফ ছিৰাফ ভৰ্তি বাকচ। কাৰ্টনকেইটাৰ পৰা মুঠ ৩,৩০০ বটল নিচাজাতীয় 'এচকফ' কফ চিৰাফ জব্দ কৰা হয়। কফ চিৰাফ সৰবৰাহ কৰা উত্তৰ প্ৰদেশৰ চনু নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, কফ ছিৰাফখিনি উত্তৰ প্ৰদেশৰ পৰা আগৰতলা লৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল।‌ চুৰাইবাৰী নিৰীক্ষণ চকীৰ আৰক্ষীয়ে ট্ৰাক সহ কফ চিৰাফ খিনি জব্দ কৰি চুৰাইবাৰী নিৰীক্ষণ চকীত ৰাখিছে। এই সংক্ৰান্তত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি ধৃত‌ সৰবৰাহকাৰী চনুক সোধপোছা অব্যাহত ৰাখিছে ।

Also Read: জটিল ৰোগত আক্ৰান্ত বৃদ্ধ মাতৃঃ সহায়ৰ আহ্বান পুত্ৰৰ

drugs peddler assam tripua border