/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ জটিল ৰোগত আক্ৰান্ত মেৰাপানীৰ এগৰাকী বৃদ্ধা মহিলা। বিগত চাৰি বছৰে দেহত কেঞ্চাৰ ৰোগ লৈ টকাৰ অভাৱত পৰি চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগাত পৰিছে মায়কলী গগৈৰ নামৰ এই বৃদ্ধাগৰাকী।
মেৰাপানীৰ নৱগ্ৰাম বিজয়পুৰ গাঁৱৰ বাবু গগৈৰ পত্নী মায়কলী গগৈৰ শৰীৰত কেঞ্চাৰ ৰোগ ধৰা পৰাৰ পাছতেই মূৰৰ ওপৰত সৰগ ভাঙি পৰিছে দৰিদ্ৰ পৰিয়ালটোত। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মায়কলী গগৈৰ স্বামীও শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হয়। পিতৃ-মাতৃ চিকিৎসাৰ নামত ঘৰৰ পোহনীয়া গৰু ছাগলীৰ পৰা আৰম্ভ কৰি খেতি মাটি বিক্ৰী কৰি সৰ্বস্ৰান্ত হৈছে তেওঁলোকৰ একমাত্ৰ পুত্ৰ ধনীৰাম গগৈ।
ইতিমধ্যেই মাতৃৰ চিকিৎসাৰ নামত যোৰহাট আৰু ডিব্ৰুগড়ৰ পাছত ডিমাপুৰত চিকিৎসা কৰাই কোনো সুফল লাভ নকৰাত গুৱাহাটীলৈ নি চিকিৎসা কৰাৰ ক্ষেত্ৰত অৰ্থৰ অভাৱৰ বাবেই থমকি ৰ'ব লগীয়া হৈছে। অসহায় পৰিয়ালটোৱে বৃদ্ধা মাতৃগৰাকীৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা আৰ্থিক সহায় সহযোগিতা বিচাৰি কাতৰ আহ্বান জনোৱাৰ লগতে অসম চৰকাৰকো সহায়ৰ বাবে আহ্বান জনাইছে।
কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক আৰ্থিক সহায় আগবঢ়াব খুজিলে পুত্ৰ ধনীৰাম গগৈৰ 8099738452 নম্বৰ অথবা SBI PULIBOR ADB, IFSC- SBIN0007060, A/C- 40385082828 নম্বৰ বেংক একাউন্ট যোগে প্ৰদান কৰিবলৈ আহ্বান জনাইছে।