কবিতা ১৫০/ ক'ৰবাত কেনা লাগিছে

কবিতা
কবিতা

ড০ ইকবাল হোচেইন খান

ভাত কাপোৰ নিৰাপদ আশ্ৰয় হওঁক স্বাধীনতা

সংবিধানৰ পৃষ্ঠাই পৃষ্ঠাই হেপাঁহৰ গান

প্ৰেয়সীৰ হাতৰ ৰঙা গোলাপৰ দৰেই চিৰ সুন্দৰ হৈ থাকক স্বাধীনতা ।

ই যে আছিল জনতাৰ কষ্টৰ ফচল

হৃদয়ে হৃদয়ে ধ্বনিত হৈছিল বন্দে মাতৰম্

বিনিময়ত খোল খাইছিল স্বাধীনতাৰ দুৱাৰ

ঢোল-দগৰে উৰাইছিল পতাকা

বুকুলৈ আহিছিল অগণন আশা

বিশালতাৰ পোছাক পিন্ধি প্ৰগতিৰ প্ৰতিশ্ৰুতি পূৰাবলৈ প্ৰতিষ্ঠা হৈছিল জনতাৰ মচনদ ।

আশাবোৰ নিৰাশ হ'ল

কৰবাত লাগিল কেনা

ভোকৰ নামলৈ নহয় মিছিল

হতাশাত পতিত ভোকৰ আকাশ ।

হতাশাক কবৰ দিবলৈ আকৌ আৰম্ভ হওঁক যুঁজ

ভাত কাপোৰ নিৰাপদ আশ্ৰয় হওঁক স্বাধীনতা

হৃদয়ে হৃদয়ে জীৱন্ত হওঁক শ্লোগান মৌলিক চাহিদা পূৰাবলৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in