ঢেকীয়াজুলি ছেইন্ট উৰ্চুলা হাইস্কুলৰ বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছঃ আহত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী

ঢেকীয়াজুলি ছেইন্ট উৰ্চুলা হাইস্কুলৰ বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছঃ আহত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী

ডিজিটেল ডেস্কঃ ৰীমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠায়ে ঠায়ে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ৷ প্ৰচণ্ড ধুমুহা বতাহৰ মাজতে ঢেকীয়াজুলিত মিঠাআমত ভয়ংকৰ ঘটনা৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা আল্ট্ৰা বাছৰ ওপৰত পৰিল প্ৰকাণ্ড গছ৷ ঢেকীয়াজুলি ছেইন্ট উৰ্চুলা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই অনা আল্টা বাছৰ ওপৰত স্কুলৰ প্ৰৱেশ দ্বাৰতে পৰিল গছ৷

উল্লেখযোগ্য যে প্ৰচণ্ড গৰমৰ বাবে শিক্ষা বিভাগে ৭:৩০বজাতে বিদ্যালয় পাঠদান হোৱা বাবে উক্ত স্কুল বাছৰে সময়তমতে স্কুলত আহি স্কুলৰ প্ৰৱেশদ্বাৰত সোমোৱাৰ সময়তে কাষত থকা প্ৰকাণ্ড  গছ  বাগৰিল আল্ট্ৰা বাছৰ ওপৰত৷ স্কুলখনলৈ সোমোৱা পথতে এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷

এই ঘটনাত কেইজনো ছাত্ৰ-ছাত্ৰী আহত হৈছে৷ আহত ছাত্ৰ-ছাত্ৰীকেইজনক ঢেকিয়াজুলি মনবৰ নাথ সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ঢেকীয়াজুলি ছেইন্ট উৰ্চুলা হাইস্কুলৰ বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছঃ আহত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী
ৰীমালৰ প্ৰভাৱ গুৱাহাটীতঃ ব্যাহত স্বাভাৱিক জনজীৱন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in