কাজলগাঁৱত জিলা ভিত্তিত যোগাসন প্ৰতিযোগিতাৰ আয়োজন

চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিচন, অসমৰ সহযোগত নতুনকৈ সজাই-পৰাই তোলা কাজলগাঁৱৰ যোগ উদ্যানখন অহা ১৬ জুনত উদ্বোধন কৰা হ’ব । উক্ত যোগ উদ্যানৰ উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি যোগ আসনৰ পৰম্পৰাগত স্বাস্থ্য পদ্ধতিৰ প্ৰসাৰৰ বাবে জিলা পৰ্যায়ৰ যোগাসন  প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

author-image
Asomiya Pratidin
New Update
 যোগাসন প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিচন, অসমৰ সহযোগত নতুনকৈ সজাই-পৰাই তোলা কাজলগাঁৱৰ যোগ উদ্যানখন অহা ১৬ জুনত উদ্বোধন কৰা হ’ব । উক্ত যোগ উদ্যানৰ উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি যোগ আসনৰ পৰম্পৰাগত স্বাস্থ্য পদ্ধতিৰ প্ৰসাৰৰ বাবে জিলা পৰ্যায়ৰ যোগাসন  প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

Advertisment

নতুন দিল্লীৰ মোৰাৰজী দেশাই নেশ্যনেল ইনষ্টিটিউট অৱ যোগ (এম ডি এন আই ৱাই)ৰ দ্বাৰা প্ৰস্তুত কৰা যোগাসনৰ নিয়মাৱলীৰ মাজেৰে এই যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। যোগাসন প্ৰতিযোগিতা বয়সৰ ভিত্তিত চাৰিটা ব্যক্তিগত শাখাত অনুষ্ঠিত হ’ব। 

১০ বছৰ বয়সলৈকে প্ৰথম শাখা, ১০ বছৰৰ পৰা ১৮ বছৰলৈকে দ্বিতীয় শাখাৰ প্ৰতিযোগিতা কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। ১৮ বছৰৰ পৰা ৩৫ বছৰলৈকে তৃতীয় শাখা আৰু ৩৫ বছৰৰ ওপৰৰ অংশগ্ৰহণকাৰীৰ বাবে চতুৰ্থ শাখাৰ প্ৰতিযোগিতা নতুনকৈ উন্নীত কৰা যোগ উদ্যানত অনুষ্ঠিত হ’ব। 

যোগাসন প্ৰতিযোগিতাৰ পৰিচালনাৰ দায়িত্ব বহন কৰিব চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) শিল্পীকা কলিতা, জিলা আয়ুষ নডেল বিষয়া ডাঃ ৰাজু কুমাৰ দাসে । জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই যোগাসন প্ৰতিযোগিতাত সমূহ ৰাইজ তথা ছাত্ৰ- ছাত্ৰীসকলক যোগদান কৰিবলৈ আহ্বান জনাইছে ।

যোগাসন প্ৰতিযোগিতা