/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4b68d02e-6648-40f6-aead-436b07e08cfc/bijni.jpg)
কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰা ৭৬ বছৰীয়া বৃদ্ধক আজীৱন কাৰাদণ্ড
ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়দান । এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষন কৰি অন্তঃসত্বা কৰা জঘণ্য অপৰাধী ৭৬ বছৰীয়া ঈশান নাৰ্জাৰীক আদালতে আজীৱন কাৰাদণ্ডৰ ৰায়দান। বুধবাৰ চিৰাং জিলাৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এগৰাকী ১২ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্ত্বা কৰি দিয়া ৭৬ বছৰীয়া ধৰ্ষণকাৰী ঈশান নাৰ্জাৰীক শিশুৰ যৌন নিৰ্যাতন আৰু সুৰক্ষা আইন -২০১২ (পকচো) ৬ নং ধাৰাত দোষী সাব্যস্ত কৰি ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।
উল্লেখ্য যে আমগুৰী থানাৰ অন্তৰ্গত ঔগুৰী পূৱ মাউপাৰ গাঁৱৰ নিৱাসী ঈশান নাৰ্জাৰীয়ে পত্নীৰ বিয়োগৰ পাছত ওচৰৰে গাঁৱৰ পৰা এটি দুখীয়া পৰিয়ালৰ ১২ বছৰীয়া কিশোৰীক ঘৰুৱা কাম-বন কৰাৰ লগতে বিদ্যালয়ত পঢ়া-শুনা কৰাৰ প্ৰতিশ্ৰুতিৰে নিজৰ ঘৰত আনি ৰাখিছিল । পৰবৰ্তী সময়ত লম্পট চৰিত্ৰৰ ঈশান নাৰ্জাৰীয়ে নিজৰ নাতিনীয়েকৰ বয়সত কৈ সৰু ১২ বছৰীয়া কিশোৰী তথা নাবালিকা গৰাকীক ধৰ্ষণ কৰিছিল।
পৰবৰ্তী সময়ত কিশোৰীগৰাকী অন্তঃসত্ত্বা হোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে । তৎকালীন সময়ত ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰি লম্পট ঈশান নাৰ্জাৰীয়ে সমগ্ৰ বিষয়টোক তল পেলোৱাৰ চেষ্টা কৰিছিল ।
তাৰ পিছত আৰক্ষীৰ ভূমিকাক লৈয়ো বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈছিল । তাৰ মাজতে তদানীন্তন বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত চিৰাং আৰক্ষীয়ে বহিঃৰাজ্যলৈ পলায়ন কৰাৰ সময়তে গুৱাহাটী ৰেলষ্টচনৰ পৰা ঈশান নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰিছিল ।
আমগুৰী থানাৰ আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰাৰ পিছত প্ৰায় চাৰি বছৰ কাল বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত শুনানী আৰু বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে এই ৰায়দান কৰে বুলি চৰকাৰী অধিবক্তা প্ৰবীন দেৱৰায়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰে ।
ক্লিক কৰি পঢ়কঃ গল্পকাৰ মনোজ কুমাৰ গোস্বামী, কবি ৰশ্মি চৌধুৰী,অধ্যাপিকা ড০ জুৰী দত্তলৈ সাহিত্য অকাডেমী বঁটা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us