ঘৰৰ মাটিত বিশ্বকাপ : জয়েৰে যাত্ৰা আৰম্ভ ভাৰতৰ, শেষ হোৱাৰ দিশে ৪৮ বছৰৰ অপেক্ষা !

ঘৰৰ মাটিত বিশ্বকাপ : জয়েৰে যাত্ৰা আৰম্ভ ভাৰতৰ, শেষ হোৱাৰ দিশে ৪৮ বছৰৰ অপেক্ষা !

author-image
Asomiya Pratidin
New Update
ঘৰৰ মাটিত বিশ্বকাপ : জয়েৰে যাত্ৰা আৰম্ভ ভাৰতৰ, শেষ হোৱাৰ দিশে ৪৮ বছৰৰ অপেক্ষা !

ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হোৱা হকী বিশ্বকাপত জয়ৰে যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় দলটোৱে। আজি উড়িষ্যাৰ ৰাউৰকেলাৰ বিৰছা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলটোৱে শক্তিশালী স্পেইনক ২-০ ব্যৱধানত পৰাস্ত কৰে।

Advertisment

ভাৰতৰ হৈ অমিত ৰোহিদেস আৰু হাৰ্দিক সিঙে এটাকৈ গ'ল কৰিবলৈ সক্ষম হয়। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় উড়িষ্যাৰে সন্তান অমিত ৰোহিদাস।

দেওবাৰে ভাৰতে বিশ্বকাপৰ পৰৱৰ্তী মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখ্য যে ভাৰতে বিশ্বকাপ হকীত অন্তিমবাৰৰ বাবে ১৯৭৫ তেই বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল।

এইবাৰ ঘৰৰ মাটিত অনুষ্ঠিত হোৱা বিশ্বকাপখনত ভাৰতে ৪৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই পুনৰ বিশ্বকাপ জয় কৰিব পাৰিব বুলি আশা কৰা হৈছে। কিয়নো সদ্য সমাপ্ত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতে ৰূপৰ পদক জয় কৰি আত্মবিশ্বাসী হৈ আছে। তাতে ঘৰৰ মাটিত বিশ্বকাপ অনুষ্ঠিত হোৱাৰ বাবে ইয়াৰ এডভাণ্টেজ ল'ব পাৰিব দলটোৱে।

ক্লিক কৰি পঢ়কঃ নবীন লেখক লেখিকাৰ চা-চিনাকী আৰু অন্তৰংগ আলাপ অনুষ্ঠান...

hockey india hockey worldcup team india