Advertisment

চিলাপথাৰত ধেমাজি জিলা সাংবাদিক সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন..

মুকলি সভাৰ পিছত অনুষ্ঠিত প্ৰতিনিধি সভাত ভাস্কৰ সভাপণ্ডিতক সভাপতি আৰু গৌতম পেগুক সাধাৰণ সম্পাদক হিচাপে লৈ ধেমাজি জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিখন গঠন কৰা হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰত ২৫ ডিচেম্বৰত অনুষ্ঠিত হয় ধেমাজি জিলা সাংবাদিক সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ পূৱা সামুহিক চাফাই, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ,বন্তি প্ৰজ্বলনৰ পিছতে আৰম্ভ হয় প্ৰতিনিধি পঞ্জীয়ন আৰু মুকলি সভা।

Advertisment

ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সঞ্চালনাত সাধাৰণ সম্পাদক জীৱন কোঁৱৰে আঁতধৰা মূকলি সভাত জিলা উন্নয়ন আয়ুক্তৰ লগতে কেইবাজনো বিশিষ্ট সাংবাদিক, লিখক,বুদ্ধিজীৱী উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৰ্ধন কৰে। আদৰ্শ কৃষক, চিত্ৰশিল্পী, উদ্ভাৱকৰ লগতে লিখক-সাহিত্যকক সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানত ।লগতে উন্মোচন কৰা হয় সাংবাদিক ৰয়েল পেগুৰ নৱতম গ্ৰন্থ ''নিৰ্বাচিত সম্পাদকীয়''  আৰু কবি মুকেশ সিঙৰ "বন্ধু" শীৰ্ষক কবিতাৰ লগতে কেইবাখনো গ্ৰন্থ ।

মুকলি সভাৰ পিছত অনুষ্ঠিত প্ৰতিনিধি সভাত ভাস্কৰ সভাপণ্ডিতক সভাপতি আৰু গৌতম পেগুক সাধাৰণ সম্পাদক হিচাপে লৈ ধেমাজি জিলা সাংবাদিক সংস্থাৰ নতুন সমিতিখন গঠন কৰা হয়। প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে ভাগ লয় বাৰ্তাজীৱি সংঘৰ ৰাজ্যিক বিষয়ববীয়া।

চিলাপথাৰ