/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত পঞ্চায়তৰ সভাপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক মাধুৰ্য শইকীয়াক দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাই আজিও জিলাখনত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সাংবাদিক নিগ্ৰহৰ এনে ঘটনাক লৈ ধেমাজিৰ দল, সংগঠন, সংবাদসেৱী আৰু ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতেই শনিবাৰে চাৰিজনক আটক কৰাৰ পিছত দেওবাৰে আৰু তিনিজনক আটক কৰে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, এতিয়ালৈ চিলাপথাৰ আৰক্ষীয়ে ৭জন অভিযুক্তক আটক কৰিছে ৷ ধেমাজি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে জনোৱা মতে সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত হৈ আটকাধীন হোৱা লোককেইজন হৈছে চিলচিলাই মিলি , অৰুণ চুংক্ৰাং , ৰঞ্জিত ইয়েইন , বিজয় পেগু , কমল চন্দ্ৰ পেগু , পবিত্ৰ কুটুম আৰু দেনী মিলি ৷
ইয়াৰে কালি গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ভিতৰত ২ জনক আজি পুনৰ আৰক্ষীয়ে অধিক সোধাপোছাৰ বাবে ২ দিনলৈ আৰক্ষী জিন্মাত লৈছে ৷