নগাঁৱত নাগৰিক সভাৰ 'শ্ৰদ্ধা নিবেদন' অনুষ্ঠান...

নগাঁৱত নাগৰিক সভাৰ 'শ্ৰদ্ধা নিবেদন' অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
নগাঁৱত নাগৰিক সভাৰ 'শ্ৰদ্ধা নিবেদন' অনুষ্ঠান...

ডিজিটেল সংবাদ,নগাঁও : বিশিষ্ট আইনবিদ,অধ্যাপক,নগাঁৱৰ জনজীৱনৰ তীক্ষ্ণ বুদ্ধিদীপ্ত ব্যক্তি তথা সদ্য প্ৰয়াত ৰঞ্জিত কুমাৰ নাথৰ প্ৰতি শ্ৰদ্ধা নিবেদনাৰ্থে দেওবাৰে নগাঁও ছহিদ ভৱনত এখন নাগৰিক সভা অনুষ্ঠিত হয়। সমাজ সেৱক পূৰ্ণকান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাৰ আৰম্ভণিতে অধিবক্তা সৃষ্টি মৈত্ৰই বৰগীত পৰিবেশন কৰে।

Advertisment

উক্ত অনুষ্ঠানত নাগৰিক সভাই ৰঞ্জিত কুমাৰ নাথৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক প্ৰস্তাৱ পাঠ কৰে। গল্পকাৰ শিবানন্দ কাকতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ৰঞ্জিত কুমাৰ নাথৰ বিভিন্ন কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰা হয়।

সভাত বক্তাসকলে কয়- ৰঞ্জিত কুমাৰ নাথ বহু প্ৰতিভাৰ অধিকাৰী আছিল। সাহিত্য -সংস্কৃতি ,ক্ৰীড়া , সমাজনীতি , নাটক, সাংবাদিকতা আদি সকলোতে তেওঁৰ প্ৰতিভা জড়িত হৈ আছে।

বিভিন্ন জনক প্ৰয়োজনীয় দিহা পৰামৰ্শ দি আগুৱাই যোৱাত সহায় কৰা এই শিক্ষাসদী ব্যক্তি এগৰাকী আছিল প্ৰকৃত মানৱদৰদী লোক। প্ৰচাৰ বিমুখ এইগৰাকী ব্যক্তি নগাঁৱৰ সমাজ জীৱনৰ এগৰাকী অভিন্ন হৃদয়ৰ ব্যক্তি আৰু সকলোৰে প্ৰিয়ভাজন আছিল। তেওঁৰ মৃত্যু নগাঁৱৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি বুলি সকলোৱে মন্তব্য কৰে।

সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া চন্দ্ৰমোহন কাকতি ,সাহিত্যিক প্ৰভাত বৰা, জ্যেষ্ঠ অধিবক্তা নিৰঞ্জন শৰ্মা ,আলোক গোস্বামী , বিশিষ্ট চিকিৎসক ডা০ মুকুট গোস্বামী ,ডা০ হৰেন্দ্ৰ বৰুৱা, ক্ৰীড়া সংগঠক প্ৰদীপ হাজৰিকাই বক্তব্য প্ৰদান কৰে। লগতে অমিয় হাজৰিকা , হৰি শইকীয়া ,দিব্য প্ৰসাদ বৰা , মুকুল প্ৰসাদ বৰঠাকুৰ আদিয়েও ভাষণ প্ৰদান কৰি ৰঞ্জিত কুমাৰ নাথৰ সৃষ্টিৰাজি আৰু কৰ্মময় জীৱনৰ বিষয়ে উল্লেখ কৰে।

সভাত প্ৰয়াত নাথৰ জোঁৱাই আইনবিদ তথা অধ্যাপক থিবুক্ট ওৱেইগলেটে ৰঞ্জিত কুমাৰ নাথৰ সান্নিধ্য লাভৰ বিষয়ে উল্লেখ কৰি আবেগিক হৈ পৰে। সভাত নগাঁৱৰ সাহিত্যিক , শিক্ষাবিদ , সাংস্কৃতিক কৰ্মী ,অধিবক্তা ,সমাজকৰ্মীকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰে। শলাগৰ শৰাই আগবঢ়াই অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে।

Also Read: চিলাপথাৰত সোণোৱাল-কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ শতাধিকক অভিনন্দন

Citizen meeting