হোজাইত আৰক্ষীৰ অভিযানত জব্দ ৫খন চুৰি বাহন, আটক এগৰাকী মহিলা

হোজাইত আৰক্ষীৰ অভিযানত জব্দ ৫খন চুৰি বাহন, আটক এগৰাকী মহিলা

author-image
Asomiya Pratidin
New Update
হোজাইত আৰক্ষীৰ অভিযানত জব্দ ৫খন চুৰি বাহন, আটক এগৰাকী মহিলা

ডিজিটেল সংবাদ, মোৰাঝাৰ: হোজাই আৰক্ষীৰ বৃহৎ সাফল্য। উল্লেখ্য যে বৃহত্তৰ মোৰাঝাৰ অঞ্চলত এটা বৃহৎ চুৰি চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ দীৰ্ঘ দিনৰে পৰা উত্থাপিত হৈ আহিছে। এই চক্ৰটোৱে মোৰাঝাৰৰ বিভিন্ন অঞ্চলত সঘনাই চুৰি কাণ্ড সংঘটিত কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

Advertisment

এনে সময়তে হোজাই জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত আৰু মোৰাঝাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰশান্ত বেজবৰুৱাই চক্ৰটোৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে। পল্লৱ তামুলীৰ নেতৃত্বত এদল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শনিবাৰে পুৱতি নিশা মোৰাঝাৰৰ আমবাৰীতঅতৰ্কিতে অভিযান চলায়।

এই অভিযানত ML 05K-7457,AS24-6757,AS01AT-7142,AS23-N0452 আৰুAS02P-2245 নম্বৰৰ ৫খনকৈ চাৰিচকীয়া চুৰি বাহন উদ্ধাৰ কৰাৰ লগতে ফাৰহানা নামৰ এগৰাকী মহিলাক অভিযানকাৰী দলটোৱে আটক কৰে। এই বৃহৎ চুৰি চক্ৰৰ মুল অভিযুক্ত এখলাচ উদ্দিন সম্প্ৰতি পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এই চুৰি চক্ৰৰ সদস্যা ফাৰহানা নামৰ এগৰাকী মহিলাক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। ঘটনা সংক্ৰান্তত মোৰাঝাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: শিৱসাগৰত কেন্দ্ৰীয় বিষ্ণুৰাভা স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন...

hojai