/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9e814480-c9b2-460e-8b98-0b90f8cbb61f/11.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: সাংস্কৃতিক মহাসভা অসমৰ শিৱসাগৰ জিলা সমিতি আৰু কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন সমিতিৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে"কেন্দ্ৰীয় বিষ্ণুৰাভা স্মৃতিচাৰণ অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8b7f4f18-698d-4439-a9ec-9eb8e6f9157a/71f76196-a529-472c-8e5b-04e9cf4f40ee.jpg)
শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত জিলা পুথিভঁৰাল চৌহদত অনুষ্ঠিত অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি সভা,স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন কৰা হয়।ইয়াৰ পূৰ্বে সংশ্লিষ্ট স্থানত থকা কলাগুৰু বিষ্ণু ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাংগ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে স্মৰণ কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/63da7150-f1da-4155-ba3d-13d36cc899c7/cdbd67d0-0255-4a55-8d14-957432f8e480.jpg)
তাৰ পিছতেই অনুষ্ঠিত মুকলি সভাতে শিৱসাগৰৰ সমাজ জীৱনৰ লগত সংপৃক্ত তথা সমাজলৈ আগবঢ়োৱা অৱদানৰ বিভিন্নক্ষেত্ৰৰ বহুকেইজন ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ লগতে বঁটা প্ৰদান কৰা হয়। এই সভাত "সাংস্কৃতিক সমন্বয় বঁটা” প্ৰদান কৰা হয় খ্যাতনামা শিল্পী মাখন চন্দ্ৰ বৰাক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8a4647cf-814c-4d28-bef9-409d90583b2b/43e91578-7076-41fa-b310-3c86a039df14.jpg)
সুদীৰ্ঘ দিনধৰি নতুন প্ৰজন্মক তেওঁ গীত নৃত্যৰ লগতে শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ অভিনয় সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ সভাত জিলা সাংস্কৃতিক মহাসভাই “সংবাদ দৰ্পন বঁটা” প্ৰদান কৰে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক ৰাতু কুমাৰ দাসক ৷ একেটা অনুষ্ঠানতে “ক্ৰীড়া সৌৰভ বঁটা” প্ৰদান কৰা হয় শিৱসাগৰৰ বিশিষ্ঠ ক্ৰীড়া সংগঠক বাবুল খানক৷
প্ৰাক্তন খেলুৱৈ বাবুল খানে কেইবাটাও দশকধৰি শিৱসাগৰত নতুন প্ৰজন্মৰ খেলুৱৈৰ প্ৰতিভা বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ উল্লেখযোগ্য যে এই অনুষ্ঠানতে শিৱসাগৰৰ ভিডিঅ জাৰ্নেলিষ্ট আচিফ আলীলৈ"সংবাদ সুষমা"বঁটা অনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
আনহাতে শিৱসাগৰৰ ছপাশালৰ “ মা ডিজিটেল” ৰ স্বতাধিকাৰী হেমন্ত কেজৰিৱালক আজি সাংস্কৃতিক মহাসভাই ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। মুকলি সভাত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক প্ৰেম গগৈয়ে ৷ এই অনুষ্ঠান পৰিচালনা কৰে ত্ৰৈলোক্য দত্তই ৷
Also Read: বাক্সাৰ মুছলপুৰত "ডুৰাণ্ড কাপ ট্ৰফী ভ্ৰমণ" কাৰ্যসূচী ৰূপায়ণ...