/asomiyapratidin/media/media_files/2025/07/08/web-ap-witch-hunting-1-2025-07-08-12-52-36.jpg)
ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনক লৈ বিগত কিছু দিনে বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি গৰম হৈ থকা মাজতে আজি ৰাজ্যখনৰ পৰা পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা। মানৱতাক লজ্জানত কৰি একমাত্ৰ কুসংস্কাৰৰ বশৱৰ্তী হৈ বিহাৰত সংঘটিত হোৱা ডাইনী কাণ্ডৰ বাবেই হত্যাৰ বলি হ'ল এটা পৰিয়ালৰ ৫ জনকৈ সদস্য।
জানিব পৰা মতে, বিহাৰৰ পূৰ্ণিয়া জিলাৰ অন্তৰ্গত এখন গাঁৱৰ গাঁওবাসীয়ে একেটা ডাইনী সন্দেহত এটা পৰিয়ালৰ ৫ জন সদস্যক মাৰি মাৰি আধামৰা কৰি পাছত জীৱিত অৱস্থাত জ্বলাই দিয়ে। সদস্যসকলৰ মাজত বাচি থকা একমাত্ৰ ল’ৰাটোৱে কেনেবাকৈ নিজৰ প্ৰাণ ৰক্ষা কৰি এই হত্যাকাণ্ডৰ বিষয়ে উদঙাই দিলে।
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, তিনিদিন পূৰ্বে টেটগামা গাঁৱৰ বাসিন্দা ৰামদেৱ ওৰাওৰ পুত্ৰৰ স্বাস্থ্যৰ অৱনতি হোৱাত জৰা-ফুকা কৰাৰ সময়তে তেওঁৰ মৃত্যু হৈছিল। একে সময়তে ৰামদেৱৰ দ্বিতীয় পুত্ৰৰো স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছিল। গাঁৱৰ ৰাইজে ৰামদেৱৰ পুত্ৰৰ মৃত্যুৰ কাৰণ ডাইনী বুলি সন্দেহ কৰি ভুক্তভোগীক এই বিষয়ে জনায়।
তাৰ পাছতে একাংশ গাঁওবাসীয়ে পৰিয়ালটোৰ ৫ জন সদস্যক ডাইনী বুলি অভিযোগ কৰি বেয়াকৈ প্ৰহাৰ কৰি পাছলৈ তেওঁলোকক জীৱন্তে জ্বলাই দিয়ে। নিহত সকল ক্ৰমে- বাবুলাল ওৰাওন, সীতা দেৱী, মঞ্জিত ওৰাওন, ৰনিয়া দেৱী আৰু তপাটো মছমত। সমগ্ৰ ঘটনাৰ সাক্ষী হয় পৰিয়ালটোৰ একমাত্ৰ জীৱিত এটি শিশু।
এই ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সংঘটিত কৰিয়ে বহু অভিযুক্তই ইতিমধ্যে গাঁৱৰ পৰা পলায়ন কৰিছে। একে সময়তে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰি দুজন লোকক নিজৰ জিম্মাত লৈছে। পলাতক অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ডগ স্কোয়াড আৰু এফ এল চিৰ দলো সেই স্থানত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰিছে। অৱশ্যে এই ঘটনাৰ পিছতে আৰক্ষীয়ে এজন তান্ত্ৰিকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আটকাধীন নকুল কুমাৰ নামৰ এজন অভিযুক্তই গাঁওবাসীক উচটনি দি মৃতকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে।
একে সময়তে পৰিয়ালটোৰ একমাত্ৰ জীৱিত ১৬ বছৰীয়া ললিতে কয় যে, প্ৰায় ৫০ জনমান লোকে তেওঁলোকৰ ঘৰলৈ আহি আক্ৰমণ চলাইছিল ৷ তেওঁ আইতাকৰ ঘৰলৈ দৌৰি গৈ নিজৰ জীৱন ৰক্ষা কৰিছিল। ললিতৰ মতে, তেওঁৰ পৰিয়ালৰ ৫ জন লোকক জীৱিত অৱস্থাত জ্বলাই পানীত পেলাই দিছিল।
উল্লেখ কৰা প্ৰয়োজন, ভাৰত যিমানেই ডিজিটেলাইজ হোৱা দাবী নকৰক কিয়, বৰ্তমানেও দেশৰ বিভিন্ন প্ৰান্তত অন্ধবিশ্বাস শিপাই আছে ৷ একমাত্ৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়ে বিহাৰত ৫ জনকৈ লোকক জীৱন্তে জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে।