দেশজুৰি ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱঃ বংগত মৃত্যু ৪গৰাকী...

দেশজুৰি ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱঃ বংগত মৃত্যু ৪গৰাকী...

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্ত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ কৱলত পৰাত ধন-জনৰ ক্ষতি হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সবাতোকৈ বেছি ক্ষতি হৈছে পশ্চিমবংগত৷ পশ্চিমবংগত সাগৰীয় এলেকাত চাৰিগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে৷ আজি আবেলিৰ ভাগত পশ্চিমবংগৰ জলপাইগুৰিৰ বিস্তীৰ্ণ অঞ্চল ঘূৰ্ণীবতাহৰ কৱলত পৰে। বহু গছ-গছনি উঘালি পৰাত অসংখ্য ঘৰ ক্ষতিগ্ৰস্ত হয়।

খবৰ অনুসৰি জলপাইগুৰিত ঘূৰ্ণীবতাহৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছে। বহু লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে৷ মৃত্যু হোৱা চাৰিজন লোকৰ মাজৰ দুজন জলপাইগুৰি চহৰৰ বাসিন্দা, এজন গোছালা ম'ৰৰ আৰু আন এজন সেনপাৰাৰ বাসিন্দা। চাৰিজনৰ ভিতৰত তিনিজন পুৰুষ আৰু এগৰাকী মহিলা। জলপাইগুৰি চহৰ, ধুপগুৰি, মায়নাগুৰিত দেওবাৰে আবেলি ধুমুহাৰ ফলত ভয়ংকৰভাবে প্ৰভাৱিত হৈছে। জলপাইগুৰি চহৰৰ পাহাৰপুৰ পঞ্চায়তৰ পাটাকাটা আৰু মায়নাগুৰি অঞ্চলৰ ডেংগুয়াঝাৰ চাহ বাগিচা আৰু ধুপগুৰি বেছি ক্ষতিগ্ৰস্ত হৈছে। ঘৰ ভাঙি পৰাৰ ফলত বহুলোক গৃহহীন হৈ পৰিছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। আবেলিলৈ জলপাইগুৰি জিলাৰ বহু ঠাইত ধুমুহা বলে। বিহাৰ আৰু আলিপুৰদুৱাৰৰ কিছু অঞ্চলও ধুমুহাত প্ৰভাৱিত হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। মমতাই কয় ‘‘আজি আবেলি জলপাইগুৰি-মায়নাগুৰি অঞ্চলত হঠাতে হোৱা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰে। মানুহে প্ৰাণ হেৰুৱাইছে, বহু লোক আহত হৈছে, ঘৰ ক্ষতিগ্ৰস্ত হৈছে। গছ আৰু বিদ্যুতৰ খুঁটা উঘালিছে। জিলা আৰু খণ্ড প্ৰশাসন, আৰক্ষী, ডিএমজি আৰু কুইক ৰেচপন্স দলে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কাম কৰি আছে।

সাহায্য যোগান ধৰা হৈছে। ক্ষতিগ্ৰস্ত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। আনহাতে অসমৰ বিভিন্ন প্ৰান্ত প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিৰ কৱলত পৰিছে৷ উজনি-নামনি অসমত ধুমুহা, শিলাবৃষ্টিয়ে নাগৰিকৰ দৈনন্দিৰ জীৱন যাত্ৰাত প্ৰভাৱ পেলোৱাৰ খবৰ পোৱা গৈছে৷ প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজতে গুৱাহাটীত ভূমিস্খলন হয়। গুৱাহাটীৰ গড়ভংগা সংৰক্ষিত বনাঞ্চলত পাহাৰ খহি আৱদ্ধ ১৫০ জনৰো অধিক লোক হয়৷

প্ৰশাসনে উদ্ধাৰকাৰী দলৰ দ্বাৰা ভূমিস্খলনস্থলীত নাগৰিকক সহায় কৰা দেখা যায়৷ গুৱাহাটীত বিমান বন্দৰত অঘটন সংঘটিত হয়৷ বৰষুণতে পানী জমা হোৱাৰ লগতে চিলিং আৰি টাৰ্মিনেলৰ ছাদ খহি পৰে৷ দেওবাৰে প্ৰায় ৪ বজাৰ পৰা গুৱাহাটী সমীপৱৰ্তী মিৰ্জা, পলাশবাৰী, ধাৰাপুৰ, আজাৰা, বিজয়নগৰ অঞ্চলত ধুমুহা আৰু শিলাবৃষ্টি হয়।

প্ৰৱল ধুমুহা আৰু বৰষুণৰ ফলত প্ৰভাৱ পৰে বিমান বন্দৰত৷ নেৰেনেপেৰা বৰষুণত গুৱাহাটী বিমানবন্দৰৰ চৌদিশে পানী ভৰি পৰে৷ ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানী জমা হয়৷ উল্লেখ্য যে, বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰবংগত পৰৱৰ্তী দুইৰ পৰা তিনি দিনত বজ্ৰপাত আৰু বৰষুণ হোৱাৰ ভৱিষ্যতবাণী কৰিছিল। তাৰ পাছতে দেওবাৰে অসম আৰু উত্তৰবংগৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in