কলিয়াবৰৰ ভয়ানক পথ দুৰ্ঘটনাত নিহত ৫ জনক চিনাক্ত...

কলিয়াবৰৰ ভয়ানক পথ দুৰ্ঘটনাত নিহত ৫ জনক চিনাক্ত

author-image
Asomiya Pratidin
New Update
কলিয়াবৰৰ ভয়ানক পথ দুৰ্ঘটনাত নিহত ৫ জনক চিনাক্ত...

কলিয়াবৰৰ ভয়ানক পথ দুৰ্ঘটনাত নিহত ৫ জনক চিনাক্ত

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ উলুৱনি থানাৰ অন্তৰ্গত হাতীয়েখোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা প্ৰায় ৯-৪৫ বজাত সংঘটিত এক শোকাৱহ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে পাঁচ গৰাকী আৰোহী নিহত হয় ৷ হুণ্ডাই আৰ’ৰা আৰু এখন মালবাহী ট্ৰাকৰ মুখামুখী সংঘৰ্ষৰ ফলতেই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷

Advertisment

জানিব পৰা মতে, এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ এখন আওৰা বাহন আৰু ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ মালবাহী ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত চাৰিচকীয়া বাহন খনত থকা পাঁচ জনকৈ যুৱকে কৰুণ মৃত্যুক সাৱটি লয়।

ঘটনাস্থলীত চুলুং আৰু উলুৱনী আৰক্ষী উপস্থিত হৈ নিহত লোক কেইজনক উদ্ধাৰৰ ব্যৱস্থা অব্যাহত ৰাখিছে। ঘটনা সংঘটিত কৰাৰ পিছতেই অৱশ্যে ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমান পলাই গৈছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত নিহত পাঁচজন আৰোহীৰ ভিতৰত তিনিজন ক্ৰমে বোকাখাত কলাখোৱাৰ সন্দীপ কুমাৰ পাল (চালক), বোকাখাত ভূতপাৰা মৌমাখিৰ বিবেক দাস, বোকাখাত কলাখোৱাৰ সঞ্জয় দাস বুলি চিনাক্ত কৰা হৈছে ৷

ক্লিক কৰি পঢ়কঃ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক তৰংগ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি...

অসম কলিয়াবৰ পথ দুৰ্ঘটনা