বাংলাদেশত নিহত ৫ সাংবাদিকঃ তদন্তৰ দাবী পিইচি (PEC)ৰ

বাংলাদেশত নিহত ৫ সাংবাদিকঃ তদন্তৰ দাবী পিইচি (PEC)ৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্ব সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰ সংস্থা প্ৰেছ এম্বলেম কেম্পেইন (PEC)য়ে শেহতীয়াকৈ সমগ্ৰ বাংলাদেশতে কেইবাজনো কৰ্মৰত সাংবাদিকক হত্যা কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। দেশখনৰ চৰকাৰ বিৰোধী প্ৰতিবাদে ইতিমধ্যে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীকে ধৰি ৩০০ৰো অধিক বাংলা নাগৰিকৰ জীৱন কাঢ়িছে ।বহু সপ্তাহ ধৰি চলি অহা ৰাজনৈতিক অশান্তিৰ বাবে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাও পদত্যাগ কৰিছে।

১৮ জুলাইত ঢাকাৰ জাতৰাবাৰী অঞ্চলত আৰক্ষী বাহিনী আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ বাতৰি পৰিবেশন কৰি থকাৰ সময়তে হত্যাৰ বলি হৈছিল বাংলা ডিজিটেল মিডিয়া ঢাকা টাইমছৰ সংবাদিক হাছান মেহেদী। বাংলাদেশৰ হিংসাত হত্যাকাণ্ডৰ বলি হোৱা প্ৰথমজন সাংবাদিক আৰু ১ জানুৱাৰীৰ পিছত সমগ্ৰ বিশ্বতে ৭২ সংখ্যক জাৰ্নো-ভুক্তভোগী হিচাপে পৰিগণিত হয় হাছান মেহেদী।

আনহাতে গাজীপুৰৰ স্থানীয় অঞ্চলৰ হিংসাৰ বাতৰি পৰিবেশনৰ সময়ত দৈনিক ভোৰেৰ আৱাজ কাকতত কাম কৰা ছাকিল হুছেইন নামৰ আন এজন সাংবাদিকৰ মৃত্যু হৈছিল। ১৯ জুলাইত ডেইলী নয়া দিগন্ত কাকতৰ সৈতে জড়িত আবু তাহেৰ এম ডি তুৰাবে চিলেটত শোভাযাত্ৰাত আৰক্ষীয়ে গুলীচালনা কৰাৰ সময়ত গুলীৰ আঘাতপ্ৰাপ্ত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়। ইয়াৰোপৰি ঢাকাত তাহিৰ জামান প্ৰিয় নামৰ ফটো সাংবাদিককো গুলীয়াই হত্যা কৰা হৈছিল।

পৰৱৰ্তী সময়ত ৪ আগষ্টত দৈনিক খবৰপাত্ৰত কাম কৰা প্ৰদীপ কুমাৰ ভৌমিকক ছিৰাজগঞ্জৰ প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে ভিৰৰ মাজত হত্যা কৰিছিল। পিইচি য়ে অতি কম সময়ৰ ভিতৰতে সকলো বাংলাদেশী সাংবাদিকৰ হত্যাকাণ্ড সন্দৰ্ভত তদন্তৰ দাবী জনাইছে।

প্ৰাপ্ত তথ্য অনুসৰি,এই হিংসাত্মক ঘটনাত ১০০ৰো অধিক সংবাদ কৰ্মী আঘাতপ্ৰাপ্ত হৈছে। দেশখনৰ প্ৰতিকূল পৰিস্থিতিৰ মাজত বৰ্তমানেও কাম কৰি আছে বহু সাংবাদিকে। গতিকে প্ৰশাসনক কৰ্তব্যৰত সংবাদ মাধ্যমক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই পিইচি য়ে।

এই সন্দৰ্ভত পিইচিৰ সভাপতি ব্লেইজ লেম্পেনে কয় যে, ঢাকাৰ নতুন শাসন ব্যৱস্থাই শোকসন্তপ্ত পৰিয়ালসমূহক ক্ষতিপূৰণো দিব লাগে।ইফালে পিইচিৰ দক্ষিণ এছিয়াৰ প্ৰতিনিধি নভা ঠাকুৰিয়াই জনাই যে যিহেতু বাংলাদেশত ইণ্টাৰনেট ব্যৱস্থা নিষিদ্ধ হৈ আছে সেয়ে বৰ্তমান দেশখনৰ আন যিকোনো জাৰ্নো-ভুক্তভোগীৰ বিষয়ে পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে, দুজন সাংবাদিক ক্ৰমে শিৱশংকৰ ঝা আৰু আশুতোষ শ্ৰীবাস্তৱক হত্যা কৰাৰ সাক্ষী হৈছিল প্ৰতিবেশী ভাৰতবৰ্ষ।

বাংলাদেশত নিহত ৫ সাংবাদিকঃ তদন্তৰ দাবী পিইচি (PEC)ৰ
কেতিয়াবা ভাৱেনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in