/asomiyapratidin/media/media_files/2025/01/30/N7TRAA5I8VMnm0GRlO7a.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে চিলাপথাৰৰ খনামুখ যুৱক সংঘৰ প্ৰাঙ্গণত অনুষ্ঠিত হ'ল সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেচনৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন।
২৯ জানুৱাৰী, বুধবাৰে পুৱা সামূহিক চাফাইৰ পিছতে মূল তোৰণৰ দ্বাৰ উদ্ঘাটন, পতাকা উত্তোলন আৰু শ্বহীদ বেদীত মাল্যাৰ্পনৰ যোগেদি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয়।
বিয়লি অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত হোৱা প্ৰতিনিধি সভাত কৃষ্ণভট্ট ৰায়ক সভাপতি আৰু জোন সোণোৱালক সম্পাদক হিচাপে লৈ সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ৩০ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।
বৃহস্পতিবাৰে অৰ্থাৎ দ্বিতীয় দিনা দুপৰীয়া অধিবেশনস্থলীৰ পৰা প্ৰতিকুল বতৰক নেওচি চিলাপথাৰ নগৰলৈ উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। আবেলি অবিনাশ চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ লগতে শ্ৰম আইন আৰু ট্ৰেড ইউনিয়নৰ নিয়মাবলীৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰা হয়।
সভাত ধেমাজি জিলা শ্ৰম বিষয়া ভবজিৎ দলে, এ এছ টি চিৰ অধীক্ষক গৌতম চনোৱাৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া আৰু মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ বিভিন্ন জিলাৰ প্ৰতিনিধিৰ উপৰিও বহু সংখ্যক লোক উপস্থিত থাকে।