ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন...

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন...

author-image
Asomiya Pratidin
New Update
ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন...

ডিজিটেল ডেস্কঃ দেওবাৰৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব এই অধিৱেশন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে এই অধিৱেশনৰ উদ্বোধন কৰিব।

Advertisment

উল্লেখযোগ্য যে ২১ জুলাইত আৰম্ভ হৈ ৩১ জুলাইত এই অধিৱেশনৰ সামৰণি পৰিব। ইউনেস্ক’ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্রদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। 

অনুষ্ঠানত ইউনেস্ক'ৰ সঞ্চালক প্রধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন দেশৰ সাংস্কৃতিক মন্ত্রী, ৰাষ্ট্ৰদূতৰ দৰে অন্যান্য ব্যক্তিসকলে অংশগ্রহণ কৰিব।

অধিৱেশনৰ পূৰ্বে শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শ্বেখারটে কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কার্যকালত এইয়া হৈছে ভাৰতত হ'বলগীয়া প্রথমটো বৃহৎ কার্যসূচী। তেওঁ লগতে কয় যে, এই অধিৱেশনত ভাৰতৰ বৈচিত্র আৰু অনন্য সাংস্কৃতিক আৰু প্রাকৃতিক ঐতিহ্যক বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব আৰু ই দেশৰ সাংস্কৃতিক গৌৰৱক নতুন মাত্রা প্রদান কৰিব।

উল্লেখ্য যে ভাৰত ২০২১ চনৰ ২৩ সংখ্যক সাধাৰণ পৰিষদত ৪ বছৰৰ বাবে ২১ জনীয়া বিশ্ব ঐতিহ্য সমিতিলৈ নির্বাচিত হৈছিল। ভাৰতে ইতিমধ্যে বিশ্ব ঐতিহাৰ তালিকাত ৪২টা ক্ষেত্র সন্নিবিষ্ট কৰিছে।

প্ৰাণিধানযোগ্য যে এই সন্মিলনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব । ইয়াৰ পৰিপ্ৰেক্ষিতত ২৭ জুলাইত ভাৰতৰ একমাত্ৰ মনোনয়ন লাভ কৰা চৰাইদেউ মৈদামেও এই স্বীকৃতি লাভৰ সম্ভাৱনা আছে ।

Also Read: কামৰূপত নিচাযুক্ত সামগ্ৰীসহ আটক সৰবৰাহকাৰী...

narendramodi india unesco charaideu