লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষত ঢকুৱাখনাত গণ সমদল

লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষত ঢকুৱাখনাত গণ সমদল
লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষত ঢকুৱাখনাত গণ সমদল

ডিজিটেল সংবাদ ঢকুৱাখনা: পৰাক্ৰমী বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক পবিত্ৰ জন্ম জয়ন্তী উপলক্ষত দেওবাৰে পুৱা ঢকুৱাখনা নগৰত উলিওৱা হয় এক গণ সমদল । ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত উলিওৱা হয় এই সমদল।

ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই গণ সমদলৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই । ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে, সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস, ৰিমা কৌশিক, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্রধৰা, সন্থাৰ উপ-সভাপতি প্রিয় ৰাম ফুকন, মহকুমা প্ৰশাসনৰসমূহ কৰ্মচাৰী, ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়, জিলা ক্ৰীড়া সন্থা, স্বাস্থ্য বিভাগ , লখিমপুৰ জিলা টাইকোৱাণ্ড সন্থাৰ অধ্যক্ষ কৃষ্ণ চত্ৰধৰা, গাঁও প্ৰধান সকলৰ লগতে  গৰিষ্ঠ সংখ্যক কৰ্মকর্তা আৰু ক্ৰীড়া প্ৰেমীৰ সহযোগিতাত উলিওৱা এই গণ সমদলে ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমন কৰি পুনৰ ৰাজহুৱা খেল পথাৰত কাৰ্যসূচীৰ সফল সামৰণি মাৰে।

এই পবিত্ৰ দিৱস উপলক্ষত ঢকুৱাখনা সদৰ থানা আৰু ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগতো পুৱা নগৰৰ কেন্দ্ৰ স্থল , থানা চৌহদত স্বচ্ছ ভাৰত অভিযান চলাই পৰিবেশ নিকাকৰণ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in