/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5497ee8f-33d3-4cdd-a17c-e3b7f2260977/manipur.jpg)
মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সন্মুখত অস্ত্ৰ সম্বৰণ ৪৩ কেডাৰৰ
ডিজিটেল সংবাদ,বেকাজানঃ শনিবাৰে মণিপুৰৰ ইম্ফলৰ ১নং এম আৰ বেনকেট হলত অনুষ্ঠিত এক অনুষ্ঠানত ইউ জি বিদ্ৰোহী গোটৰ ৪৩ গৰাকী কেডাৰে মুখ্যমন্ত্ৰী ওচৰত অস্ত্ৰ সম্বৰণ কৰে । ঘৰলৈ উভতি অহা শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী এন বীৰেণ সিংৰ ওচৰত বিভিন্ন ইউ জি গোটৰ ৪৩ জন (৪৩) কেডাৰে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি মূলসুঁতি লৈ আহে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/77c29df5-7634-40b8-9732-88f870ba07ff/6f731cc7_ef8b_4620_8047_33c2e371b74e.jpg)
অস্ত্ৰ ত্যাগ কৰা বিভিন্ন ইউ জি গোটৰ ৪৩ জন কেডাৰৰ ভিতৰত আছে ১৩ জন কে ৱাই কে এল, ৫ জন পি এল এ, আৰ পি এফ, ৫ জন কে চি পি (এন), ১১ জন কে চি পি (পি ডব্লি উ জি), ৫ জন ইউ এন এল এফ, ১ জন প্ৰেপাক, ২ জন প্ৰেপাক (পি আৰ অ’), ১ জন এন এছ চি এন (ইউ)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/61d21f22-51a7-472f-91a6-5b8d02a4b24e/a3787250_0f67_40cd_a928_419393e7e6a6.jpg)
বিদ্ৰোহীসকলে মুখ্যমন্ত্ৰীৰ ওচৰত ১৩টা পিষ্টল, ১৭টা হেণ্ড গ্ৰেনেড, ৫টা হেণ্ডহেল্ড চেট, এটা কেনউড চেট, ৯টা পি ই কে, ৫টা আই ই ডি, আৰু ২০৯টা সংখ্যক বিভিন্ন ধৰণৰ গুলীসহ ১৯ টা অস্ত্ৰ জমা দিয়ে বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃ ঘিলামৰাত প্ৰাক্ ভোগালী বিহুৰ "উত্তৰণ অসমী মেলা" আৰম্ভ