ব'ম্বে ষ্টক এক্সচেঞ্জত বোমাতংক! ৪টাকৈ আৰডিএক্স আইইডি বোমা সংস্থাপনৰ ভাবুকি...

ইমেইলটো “কমৰেড পিনাৰায়ী বিজয়ন” নামৰ আইডিৰ পৰা প্ৰেৰণ কৰা হৈছিল। ভাবুকি ইমেইলৰ পোৱা পাছতে তাৎক্ষণিকভাৱে নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছিল।

New Update
1

ডিজিটেল ডেস্কঃ  মঙলবাৰে পুৱা বম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ৰ টাৱাৰ বিল্ডিঙত চাৰিটা আৰডিএক্স আইইডি বোমা সংস্থাপন কৰা লগতে বিয়লি ৩ বজাত বোমা বিস্ফোৰণ হ’ব বুলি দাবী কৰা ইমেইল লাভ কৰিছে কাৰ্যালয় কৰ্তৃপক্ষই।

Advertisment

ইমেইলটো “কমৰেড পিনাৰায়ী বিজয়ন” নামৰ আইডিৰ পৰা প্ৰেৰণ কৰা হৈছিল। ভাবুকি ইমেইলৰ পোৱা পাছতে তাৎক্ষণিকভাৱে নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছিল। বিএছইৰ বিষয়াসকলে আৰক্ষীক জনোৱা লগে লগে বোমা স্কোয়াডৰ দল আৰু স্থানীয় আৰক্ষীৰ দল দ্ৰুতগতিত সেই স্থানত উপস্থিত হৈ চৌহদটো পৰিদৰ্শন কৰে।

ইয়াৰ পাছতে আৰক্ষীয়ে এক বিবৃতিত এই পৰ্যন্ত সন্দেহজনক একো পোৱা নাই বুলি উল্লেখ কৰে। ইফালে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ৩৫১(১)(খ), ৩৫৩(২), ৩৫১(৩), আৰু ৩৫১(৪) ধাৰাত মাতা ৰমাবাই আম্বেদকাৰ মাৰ্গ থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অধিক তদন্ত অব্যাহত আছে।

উল্লেখ্য যে, সোমবাৰে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ লগে লগে শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক কমিটীয়ে আৰক্ষীৰ অভিযোগ দাখিল কৰাৰ সময়তে এই কথা প্ৰকাশ পাইছে।

বোমাতংক ব'ম্বে