/asomiyapratidin/media/media_files/2025/07/09/1-2025-07-09-10-02-57.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ বাৰ্মিংহামত জয় জয়কাৰ অসম আৰক্ষীৰ পাঞ্জা খেলুৱৈ দলৰ। ৱ'ল্ড পুলিচ এণ্ড ফায়াৰ গেমছ ২০২৫ ত ভাৰতৰ হৈ অসমৰ চাৰিগৰাকী অসম আৰক্ষী জোৱানে অংশগ্ৰহণ কৰিছিল।চাৰি অসম আৰক্ষীৰ জোৱানে পাঞ্জা খেলত পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
লক্ষ্যণীয় যে, ভাৰতৰ হৈ অসম আৰক্ষী জোৱান জোনমণি দাসে ৫৫ কেজি শাখাৰ সোঁ-হাত শাখাত সোণৰ পদক আৰু বাওঁহাত শাখাত ৰূপৰ পদক আৰ্জন কৰে। সমান্তৰালকৈ লভিতা কোচে ৫৫ কেজি সোঁ-হাত শাখাত ৰূপৰ পদক আৰু বাওঁ- হাত শাখাত সোণৰ পদক লাভ কৰে।
ইফালে অম্লানজিৎ বৰঠাকুৰে সোঁ-হাত শাখাত সোণৰ পদক আৰু বাওঁ-হাত শাখাত ৰূপৰ পদক অৰ্জন কৰা লগতে কন্দৰ্প বৰাই সোঁ-শাখাত সোণৰ পদক আৰু বাওঁ-হাত শাখাতো সোণৰ পদক আজুৰিবলৈ সক্ষম হৈছে। এতিয়া ৪ অসমীয়াৰ কৃতিত্বত গৌৰাম্বিত দেশবাসী।