মেৰাপানীত চি আৰ পি এফৰ গুণ্ডাৰাজঃ অতিষ্ঠ সীমান্তৱৰ্তী ৰাইজ

মেৰাপানীত  চি আৰ পি এফৰ গুণ্ডাৰাজঃ অতিষ্ঠ সীমান্তৱৰ্তী ৰাইজ

ডিজিটেল সংবাদ,মেৰাপানীঃ আন্তঃৰাজ্যিক সীমা সুৰক্ষাৰ বাবে মেৰাপানী সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফৰ অতপালিত অতিষ্ট সীমান্তবাসী ৰাইজ। সীমান্তবাসী ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা চি আৰ পি এফে এতিয়া দৈনিক নিৰীহ জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলোৱা পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফৰ ডি চেক্টৰৰ কামাণ্ডাৰ জনৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে কেতবোৰ অভিযোগ। কমিচনৰ অংকত বহিঃৰাজ্যৰ পৰা পাৰ হোৱা চুপাৰীৰ পৰা আৰম্ভ কৰি শিল,বালি,তামোল,গাহৰি আদি সৰবৰাহ কৰা গাড়ীৰ পৰাও ধন দাবী কৰি লুটপাত কৰাৰ অভিযোগ উঠিছে।

দেওবাৰে নিশা মেৰাপানী সীমান্তৰ পৰা শিল কঢ়িওৱা টিপি চালনা সম্পূৰ্ণ থকা ডাম্পাৰ বাহনৰ পৰা সামগ্ৰী জব্দ কৰি চালকক মাৰপিট কৰাৰ অভিযোগ উঠিছে। আৰক্ষী তথা বনবিভাগৰ লোকৰ উপস্থিতিৰ অবিহনে নীতি বৰ্হিভূতভাৱে এনে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ সমান্তৰালভাৱে একেটা নিশাতে মেৰাপানীৰ আন এখন বলেৰ' পিক' আপ বাহনৰ চালকক নগালেণ্ডৰ পৰা ভাড়া মাৰি ঘৰলৈ ঘুৰি অহাৰ সময়ত চি আৰ পি এফৰ গেটত এজন অসামৰিক পোচাকত থকা জোৱানে প্ৰহাৰ কৰা বুলি অভিযোগ কৰিছে।

চি আৰ পি এফৰ প্ৰহাৰত আহত দুয়োজন চালককে ইতিমধ্যে আৰক্ষী আৰু বনবিভাগৰ তত্বাৱধানত মেৰাপানী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আজি মেৰাপানী ট্ৰাক আৰু টেক্সী চালক সন্থাই দীৰ্ঘদিন ধৰি চি আৰ পি এফে চলাই থকা অত্যাচাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা উপায়ুক্তৰ লগতে সীমান্ত দণ্ডাধীশলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে বলেৰ' গাড়ীখনৰ চালকে আজি মেৰাপানী আৰক্ষী থানাৰ চি আৰ পি এফৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে। ইফালে বিতৰ্কিত চি আৰ পি এফৰ চেক্টৰ কামাণ্ডাৰ আৰু জোৱান সকলে সাংবাদিকৰ কেমেৰাৰ সন্মুখতে ডাম্পাৰখনৰ চালক জনক মাৰিবলৈ উদ্যত হোৱা পৰিলক্ষিত হয়।

চি আৰ পি এফৰ মুখ্য শিবিৰৰ কাষতে মুকলিভাৱে দীৰ্ঘদিন ধৰি চলি থকা তীৰ খেলৰ জুৱা ৰোধ নকৰাৰ ক্ষেত্ৰতো ১৪২ নং চি আৰ পি এফৰ ৰহস্যজনক ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত চি আৰ পি এফৰ উৰ্ধতম কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক বিষয়টোৰ সন্দৰ্ভত দৃষ্টি নিক্ষেপ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

মেৰাপানীত  চি আৰ পি এফৰ গুণ্ডাৰাজঃ অতিষ্ঠ সীমান্তৱৰ্তী ৰাইজ
আঁচনিৰ নামত বিজেপি কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in