প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ চালান অবিহনে শিল বালি কঢ়িওৱা ৩খন ট্ৰেক্টৰ জব্দ...

প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ চালান অবিহনে শিল বালি কঢ়িওৱা ৩খন ট্ৰেক্টৰ জব্দ...
প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ চালান অবিহনে শিল বালি কঢ়িওৱা ৩খন ট্ৰেক্টৰ জব্দ...

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ বাসুগাঁৱত বনবিভাগৰ চালান বিহীন শিল বালি কঢ়িওৱা ট্ৰেক্টৰ দৌৰাত্ম্যত অতিষ্ঠ ৰাইজে পথ অৱৰোধ কৰিলে, এই বাতৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেল পেজত সবিস্তাৰে প্ৰকাশিত হোৱাৰ পিছত বনবিভাগৰ লোকে আজি এক প্ৰকাৰ বাধ্য হৈ বাসুগাঁও চহৰত চালান অবিহনে অবৈধভাৱে শিল বালি কঢ়িওৱা ট্ৰেক্টৰৰ বিৰুদ্ধে অভিযান চলাই তিনিখনকৈ ট্ৰেক্টৰ জব্দ কৰে ।

উল্লেখ্য যে, বাসুগাঁও চহৰৰ চম্পাৱতী নৈৰ মহলৰ পৰা একাংশ শিল বালিৰ ব্যবসায়ীয়ে দুৰ্নীতিগ্ৰস্থ বনবিভাগৰ কৰ্মচাৰীৰ সৈতে গোপন বুজাবুজিৰে ট্ৰেক্টৰেৰে শিল বালি কঢ়িয়াই বাসুগাঁও চহৰৰ তিনি নং ৱাৰ্ডৰ কেইবাটাও পথ বিধ্বস্ত কৰি লগতে চৰকাৰৰ ৰাজহ ফাঁকি দি ব্যৱসায় চলাই আছিল। শুকুৰবাৰৰ দিনটোত এই নিয়ন্ত্ৰণহীন ট্ৰেক্টৰক পথৰ ওপৰত আবদ্ধ কৰি ৰামকৃষ্ণ পথৰ বাসিন্দাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এই বাতৰি অসমীয়া প্ৰতিদিন ডিজিটেল পেজত প্ৰকাশিত হোৱাৰ পিছত বাসুগাঁও ফৰেষ্ট ডিপোৰ বনকৰ্মীসকলে আজি অভিযান চলাই তিনিখন ট্ৰেক্টৰ জব্দ কৰে । বনবিভাগৰ এই অভিযানৰ খবৰ লাভ কৰাৰ পিছত আজিৰ দিনটোত শিল বালি কঢ়িয়াই নিয়া ট্ৰেক্টৰৰ চলাচল বন্ধ হৈ পৰে ।

বনবিভাগৰ লোকে সদৰি কৰা মতে জব্দ কৰা ট্ৰেক্টৰ তিনিখনৰ ভিতৰত মাত্ৰ দুখন ট্ৰেক্টৰ পৰিবহন বিভাগৰ পঞ্জীয়নভুক্ত তাৰ বিপৰীতে এখন ট্ৰেক্টৰৰ নাই কোনো পঞ্জীয়ন নং। জব্দ কৰা ট্ৰেক্টৰ দুখনৰ পঞ্জীয়ন নং ক্ৰমে এ এছ ১৯ চি ৮৬৩৩, এ এছ ২৬ চি ৬৭৭৭ ।

জব্দ কৰা ট্ৰেক্টৰ তিনিখন প্ৰথমে বাসুগাঁও ফৰেষ্ট ডিপো কাৰ্যালয়ত আনে যদিও পৰবৰ্তী সময়ত কাজলগাঁওস্থিত বনসংমণ্ডল জিলা কাৰ্যালয়লৈ প্ৰেৰণ কৰে। লক্ষ্যণীয় বিষয় যে জব্দ কৰা ট্ৰেক্টৰৰ দুজন চালকৰ লগত নাছিল বৈধ অনুজ্ঞাপত্ৰ ।

ক্লিক কৰি পঢ়কঃ দৰিদ্ৰতা আৰু শাৰীৰিক বাধাকো নেওচি উজলিল ধেমাজিৰ ৰাজশ্ৰী দেৱী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in