প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অঘটন! ৩ জনৰ মৃত্যু , আহত বহুতো...

পুনৰ অঘটন অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ অনুষ্ঠানত। দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰত অনুষ্ঠিত চন্দ্ৰবাবু নাইডুৰ এক অনুষ্ঠানত ৩ জন লোকৰ মৃত্যু হয়।
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অঘটন! ৩ জনৰ মৃত্যু , আহত বহুতো...

ডিজিটেল ডেস্ক: পুনৰ অঘটন অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ অনুষ্ঠানত। দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰত অনুষ্ঠিত চন্দ্ৰবাবু নাইডুৰ এক অনুষ্ঠানত ৩ জন লোকৰ মৃত্যু হয় লগতে আহত হয় কেইবাজনো।

জানিব পৰা মতে তেলেগু দেশত পাৰ্টীৰ অনুষ্ঠানত উপহাৰ দিয়াৰ সময়ত একাংশ লোকে দৌৰি গৈছিল। বহু ভিৰ থকা বাবে সেই ভিৰৰ মাজতেই ৩ গৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবা গৰাকী আহত হয়।

নিহত সকল ক্ৰমে গুন্টুৰৰ বাসিন্দা গোপিদেচী ৰামদেৱী (৫০) আৰু আছিয়া(৩৫) আৰু প্ৰায় ৪০ বছৰ বয়সীয়া আন এগৰাকী মহিলাৰ মৃত্যু হয়।

জানিব পৰা মতে এগৰাকী মহিলাৰ ঘটনাস্থলীত মৃত্যু হৈছিল আৰু আন দুজনক চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ সময়ত মৃত্যু হৈছিল।

আৰক্ষীয়ে জনাই যে চন্দ্ৰবাবু নাইডু সভাস্থলী এৰাৰ পাছত উপহাৰ বিতৰণ কৰা হৈছিল। কিন্তু উপস্থিত থকা লোকসকলে হেতা ওপৰা কৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, আজিৰ পৰা প্ৰায় ৩ দিন পূৰ্বে চন্দ্ৰবাবু নাইডুৰ ৰেলীত পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু হৈছিল।

আৰু পঢ়ক: বছৰৰ প্ৰথম দিনটোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কৃষ্ণই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in