বছৰৰ প্ৰথম দিনটোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কৃষ্ণই...

মায়ঙৰ মুৰকটাত দেওবাৰে বিয়লিৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।দুখন বাইকৰ মাজত মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
বছৰৰ প্ৰথম দিনটোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কৃষ্ণই...

ডিজিটেল সংবাদ, মায়ং: মায়ঙৰ মুৰকটাত দেওবাৰে বিয়লিৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।দুখন বাইকৰ মাজত মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

হিৰোহোণ্ডা পেছন আৰু য়ামাহা বাইকৰ মাজত সংঘটিত হয় বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত এজন বাইক  আৰোহীৰ মৃত্যু হয় । মৃত্যু হোৱা লোক জনৰ নাম কৃষ্ণ ৰয় ।কৃষ্ণ ৰয়ৰ ঘৰ মায়ঙৰ কমাৰপুৰত বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি আন তিনি জনো গুৰুতৰ ভাৱে আহত হয়।

কৃষ্ণ ৰয়ৰ বাইক খনত আছিল ৬ বছৰীয়া পুত্ৰ কিশোৰ ৰয় আৰু সঞ্জীৱ মণ্ডল। তিনিও জনৰে ঘৰ কমাৰপুৰত।আন খন বাইকত আছিল চাজু মণ্ডল। চাজু মণ্ডলৰ ঘৰ মায়ঙৰ মুৰকটাত।

ঘটনাস্থলীৰ পৰা মায়ঙৰ আৰক্ষীৰ দল এটাই আটাইকেইজনক চিকিৎসালয়ত লৈ যায়  যদিও কৃষ্ণ ৰয়ৰ ইতিমধ্য মৃত্যু হয় বুলি খৱৰ আহিছে। বাইক দুখনৰ নম্বৰ এ এছ 21 E 5407 আৰু এ এছ 21 জে 9862 ।

আৰু পঢ়ক: অষ্ট্ৰীয়াত সফলতা অৰ্জন কৰা গহপুৰৰ যশোৱন্ত মহন্তৰ জন্মভূমিত আন এক যাত্ৰাৰ আৰম্ভণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in