শিলচৰ NIT ৰ হোষ্টলৰ ৩ ৰান্ধনীক ১০/১২ জনীয়া ছাত্ৰৰ দলবদ্ধ আক্ৰমণ...

শিলচৰ NIT ৰ হোষ্টলৰ ৩ ৰান্ধনীক  ১০/১২ জনীয়া ছাত্ৰৰ দলবদ্ধ আক্ৰমণ...
শিলচৰ NIT ৰ হোষ্টলৰ ৩ ৰান্ধনীক ১০/১২ জনীয়া ছাত্ৰৰ দলবদ্ধ আক্ৰমণ...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। এইবাৰ শিক্ষানুষ্ঠানত ছাত্ৰ নামি পৰিল মৰেল পুলিচঙত। শিলচৰ এন আই টিত বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনা শেহতীয়াকৈ আহিছে পোহৰলৈ।

জানিব পৰা মতে শিলচৰ এন আই টিত এটা মোবাইল চুৰি হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি। শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ ৩ গৰাকী ৰান্ধনীক একাংশ ছাত্ৰই মোবাইল চুৰিৰ অপৰাধত মাৰপিট কৰে। ফলত ৩ গৰাকী ৰান্ধনীয়েই আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই সমগ্ৰ ঘটনাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। জানিব পৰা মতে এন আই টিখনৰ ৪ নং হোষ্টেলৰ এগৰাকী ছাত্ৰৰ এটা মোবাইল চুৰি হোৱাৰ বাবে তিনি ৰান্ধনী ক্ৰমে বিকি ৰি, মনা দাস আৰু ৰাজকুমাৰ ধোশাদক প্ৰথমে আটক কৰে।

ইয়াৰ পাছত তিনিওগৰাকী ৰান্ধনীক গাড়ীত তুলি ৯ নং হোষ্টেললৈ লৈ যায় এই ছাত্ৰৰ দলটোৱে। আৰু ৯ নং হোষ্টেলতেই তিনিওগৰাকী ৰান্ধকীক মাৰপিট কৰে প্ৰায় ১০/১২ জনীয়া এটা ছাত্ৰৰ দলে।

ইয়াৰ পাছত আহত তিনিওগৰাকী ৰান্ধনীকে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও দুজন ৰান্ধনীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়ে যদিও ৰাজকুমাৰ নামৰ ৰান্ধনীগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁক এডমিট কৰেে।

ইফালে এই সমগ্ৰ ঘটনা হোষ্টেল তথা এন আই টি কৰ্তৃপক্ষ গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। উচ্চ শিক্ষাৰ অনুষ্ঠানত এইদৰে শিক্ষাৰ্থীয়ে মৰেল পুলিচিঙত জড়িত হোৱা বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শিলচৰ NIT ৰ হোষ্টলৰ ৩ ৰান্ধনীক  ১০/১২ জনীয়া ছাত্ৰৰ দলবদ্ধ আক্ৰমণ...
এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত অসমৰ ৩ খেলুৱৈ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in