/asomiyapratidin/media/media_files/2025/02/06/oVTJWc78gdSiC7mN5yaf.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ অসমৰ অন্যতম প্ৰাচীন ঐতিহ্যপূৰ্ণ জনগোষ্ঠী সোনোৱাল কছাৰী সকলৰ সোনোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ’ব । নিজৰ ভাষা-সংস্কৃতিৰে সমৃদ্ধ হৈ অসমীয়া জাতি গঠনৰ লগতে অসমৰ সৰ্বাংগীন উন্নতিৰ হকে ঐক্য আৰু শান্তিৰ বাবে কাম কৰি অহা সোনোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ধেমাজি অধিৱেশনখনি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব ।
সাহিত্য সভাৰ সৌজন্যত আৰু ধেমাজি বাসীৰ আতিথ্যত ধেমাজি জীয়াঢল চাৰিআলিৰ ভোগালী সমন্বয় ক্ষেত্ৰত বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব দ্বিতীয় পূৰ্ণাংগ অধিৱেশন ৷ সুচাৰুৰূপে অধিৱেশন অনুষ্ঠিত কৰা বাবে আদৰণি সমিতিৰ ইতিমধ্যে কুৰিখন উপ-সমিতি আৰু প্ৰায় তিনি শতাধিক স্বেচ্ছাসেৱী বাহিনীয়ে দিনে-ৰাতিয়ে ব্যাপক তৎপৰতাৰে অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ কাৰ্য্যসূচী অনুসৰি কাইলৈ পুৱা ৮ বজাত ধেমাজি পৌৰসভাৰ পৌৰনেত্ৰী খ্ৰীংজী দীপৰেখা দাস বাঘ্ৰীয়ে ভোগালী সমন্বয় ক্ষেত্ৰ আৰু মূল তোৰণ উদ্ধোধনেৰে অধিৱেশনৰ শুভাৰম্ভণি কৰিব ৷ পুৱা ৯.৩০ বজাত চাৰিমুখীয়া চাকি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কৰিব সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক খ্ৰীংপো মৃদুল সোনোৱালৰ সৈতে আন পাঁচগৰাকীয়ে ।