Advertisment

দ্বিতীয় দিনাও লোকাৰণ্য সোনোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূর্ণাঙ্গ অধিৱেশন…

ধেমাজিত সোনোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূর্ণাঙ্গ অধিৱেশন সুচাৰুৰূপে চলি আছে । শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অধিৱেশনত অনুষ্ঠিত কৰা হৈছে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত সোনোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূর্ণাঙ্গ অধিৱেশন সুচাৰুৰূপে চলি আছে । শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অধিৱেশনত অনুষ্ঠিত কৰা হৈছে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ । প্ৰখম দিনাৰ সমান্তৰালকৈ দ্বিতীয় দিনাও জনসমূদ্ৰত পৰিণত হৈছে অধিৱেশনস্থলী ।

Advertisment

শনিবাৰে ধেমাজিৰ জীয়াঢ়লৰ আমোলগুৰিৰ ভোগালী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সোনোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূর্ণাঙ্গ ধেমাজি অধিৱেশনৰ দ্বিতীয় দিনাৰ জনগোষ্ঠীয় সাহিত্য সভা সন্মিলনত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই সাৰগৰ্ভমূলক ভাষণ প্ৰদান কৰে । তেওঁ কয় যে, ইংৰাজী ভাষাই অসমীয়া ভাষাক গিলি পেলাইছে, যাৰ ফলত অসমীয়া ভাষাৰ প্ৰচলনত অপভ্ৰংশ হৈছে ।

0

আবেলি এক বজাত সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালৰ সঞ্চালনাত অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সাহিত্য সভা, সন্মিলন আৰু গ্রন্থ উন্মোচনী সভাৰ উদ্বোধন কৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোনোৱালে ৷ সভাত মাজুলিৰ সংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বিনোদ বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ সভাত মিচিং আগম কৗবাঙ তথা মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগু, শৰনীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সনবৰ বৰুৱা, পুৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন, মৰান সাহিত্য সভাৰ সম্পাদক বিধান মৰান আৰু বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনিল কোঁচে আমন্ত্ৰিত অতিথি হিচাপে উপস্হিত থাকে ৷ 

0

অনুষ্ঠানত হেৰম্ব প্রসাদ দাসৰ ভিন্ন স্বাদৰ সাহিত্য সম্ভাৰ আৰু হেৰম্ব প্ৰসাদ দাসৰ অভিনন্দন গ্রন্থ বাপু, হেমচন্দ্ৰ কছাৰীৰ সোনোৱাল কছাৰী গীতি-সাহিত্য সমগ্র (প্রথম খণ্ড), গুণেশ্বৰ সোনোৱাল ৰচনাৱলীৰ প্রথম খণ্ড, বৰেণ্য সোনোৱাল আদি ৬ খন বিভিন্ন গুৰুত্বপুৰ্ণ গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ পাছতে অনুষ্ঠিত কবি সন্মিলৰ সঞ্চালনা কৰে বিশিষ্ট কবি অনুভৱ তুলসীয়ে ৷উদ্বোধন কৰে অধ্যাপক ড০  মৃদুল শৰ্মাই ৷ 

সোণোৱাল কছাৰী সাহিত্য সভা পত্রিকা' কাব্য সংখ্যা উন্মোচন কৰে ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰে ৷ কবি সন্মিলনত আমন্ত্ৰিত বিশিষ্ট কবি আংশুমান ভুঞা, ভুষন কলিতা, জয়চন্দ্ৰ হাজৰিকা, অংকুৰ ৰঞ্জন ফুকন, ৰাতুল কুমাৰ লাহন, বৈদ্য ব্ৰাইট বুঢ়াগোঁহাই, সঞ্জীৱ বসুমতাৰী আৰু শোভামনী দত্ত তামুলীয়ে অংশগ্ৰহণ কৰে ৷ সন্ধিয়া শিল্পী বেঞ্জামিন সোণোৱাল সোঁৱৰণী জনগোষ্ঠীয় সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে ৰিদিপ হাজৰিকাই ৷ 

ধেমাজি জিলা সোনোৱাল কছাৰী সাহিত্য সভাৰ সৌজন্যত আৰু ধেমাজিবাসীৰ আতিথ্যত ধেমাজিৰ জীয়াঢ়ল চাৰিআলিৰ আমোলগুৰিৰ ভোগালী সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা দ্বিতীয় দিনা পুৱা ৯:০০ বজাত সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিনিধি সভাৰ উদ্বোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ উপদেষ্টা ভুৱন চন্দ্ৰ বড়াই ৷ আদৰণি ভাষন প্ৰদান কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ড০ লৱৰাম সোনোৱালে ৷ 

কাইলৈ তৃতীয় দিনাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অভিনেতা অৰুণ হাজৰিকা আৰু অংশুমান ভূঞাই অংশগ্রহণ কৰিব ৷ সমান্তৰালকৈ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ’ব । লগতে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় শিল্পী কৃষ্ণমণি চুতীয়া আৰু জয়ন্ত সোণোৱালে  ।

সোণোৱাল কছাৰী