ঘন কুঁৱলী! বাতিল ২৬৭ খন ট্ৰেইনৰ চলাচল...

দেশত এতিয়া জাৰৰ প্ৰকোপ। ঘন কুৱলীয়ে আৱৰিছে দেশ। বিশেষকৈ উত্তৰ ভাৰতকে ধৰি বিভিন্ন ৰাজ্য সমূহত শীতৰ প্ৰকোপ যথেষ্ঠ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
ঘন কুঁৱলী! বাতিল ২৬৭ খন ট্ৰেইনৰ চলাচল...

ডিজিটেল ডেস্ক: দেশত এতিয়া জাৰৰ প্ৰকোপ। ঘন কুৱলীয়ে আৱৰিছে দেশ। বিশেষকৈ উত্তৰ ভাৰতকে ধৰি বিভিন্ন ৰাজ্য সমূহত শীতৰ প্ৰকোপ যথেষ্ঠ বৃদ্ধি পাইছে। দিল্লী, উত্তৰ প্ৰদেশ, আদি বিভিন্ন ঠাইত বিদ্যালয় সমূহো বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

Advertisment

ইয়াৰ মাজতে সোমবাৰে ৰেল বিভাগে সদৰি কৰে যে বেয়া বতৰৰ বাবে প্ৰায় ২৬০ খন ট্ৰেইনৰ চলাচল বাতিল কৰা হৈছে। সোমবাৰে পুৱা পঞ্জাৱ আৰু ৰাজস্থানৰ পৰা হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্ৰদেশৰ মাজেৰে বিহাৰলৈ বিস্তাৰিত কুঁৱলীৰ ঘন স্তৰৰ বাবে দৃশ্যমানতা যথেষ্ট হ্ৰাস হৈছিল। যাৰ বাবে ট্ৰেইন চলাচল বাতিল সিদ্ধান্ত লয় ৰেল বিভাগে।

বাতিল কৰা ২৬৭ ট্ৰেইনৰ ভিতৰত ৮৭ খন এক্সপ্ৰেছ ট্ৰেইন, ১৪০ল খন যাত্ৰীবাহী ট্ৰেইনও অন্তৰ্ভূক্ত আছে। দেওবাৰে ঘন কুঁৱলীৰ বাবে ৮৮ খন ট্ৰেইন বাতিল কৰা হৈছিল।

আৰু পঢ়ক: সেই বিস্কুট খোৱা কুকুৰটো নেকি?

railway train