ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক বানৰ কবলত, বিপদত অসমবাসী…

ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক বানৰ কবলত, বিপদত অসমবাসী…

author-image
asomiyapratidin
New Update
হাফলঙলৈ যাব দুই মন্ত্ৰীঃ হেলিকপ্টাৰেৰে চলিব উদ্ধাৰ অভিযান…

ডিজিটেল ডেস্ক: বছৰটোৰ প্ৰথমটো বানত আক্ৰান্ত ৰাজ্যবাসী। ক্ৰমাৎ জটিল হৈ পৰা বানপানীৰ কবলত পৰিছে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ লাখ লাখ লোক। বিভিন্ন স্থানত খাদ্য, খোৱাপানী, বাসস্থানৰ সংকটে দেখা দিছে। বানাক্ৰান্ত লোক সকল ঢাপলি মেলিছে সুৰক্ষিত স্থানলৈ।

Advertisment

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ উপনৈ সমূহৰো বৃদ্ধি পাইছে জলস্তৰ। যাৰ বাবে বানত ২৬ খন জিলাৰ শ শ গাঁও এতিয়া পানীৰ তলত। তথ্য অনুসৰি ২৬ খন জিলাৰ প্ৰায় ৪ লাখ লোক এতিয়া বানৰ কবলত।

বানৰ সমান্তৰাল ভাৱে গৰাখহনীয়া, ভূমিস্খলনে অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। শেহতীয়া তথ্য অনুসৰি বান, ভূমিস্খলনৰ ফলত ৰাজ্যত প্ৰায় ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ইতিমধ্যে এনে সমূহ পৰিস্থিতৰ বাবে বন্ধ কৰি দিয়া হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰোপৰি ডিমা হাচাওৰ লগতো প্ৰায় সংযোগ বিচ্ছিন্ন হৈ পৰিছে। নগাঁও, ছিপাঝাৰ, হাফলং, শিলচৰ আদি বিভিন্ন জিলাত বানে কালৰূপ ধাৰণ কৰা দেখা যায়।

তদুপৰি এই বান পৰিস্থিতিৰ বুজ লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যোগ বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কেন্দ্ৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। অন্যহাতে মন্ত্ৰী পিযুষ হাজৰিকাই বান আক্ৰন্ত কিছু এলেকা পৰিদৰ্শন কৰিছে।

ইমান দিনৰ পাছতো কোনো সলনি হোৱা নাই বান পৰিস্থিতি। অব্যাহত আছে বৰষুণ, গৰাখহনীয়া, ভূমিস্খলন। বিভিন্ন বানাক্ৰান্ত লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। একাংশ বান আক্ৰান্ত লোকে অভিযোগ কৰা অনুসৰি এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ সাহায্যৰ যোগান ধৰা নাই।

আৰু পঢ়ক: মথাউৰি নিৰ্মাণৰ নামত ২০ কোটি টকা আত্মসাৎ, তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Silchar assam flood dima hasao guwahati