ডিজিটেল ডেস্ক : ৰাছিয়াৰ কাস্পিয়ান তীৰত প্ৰত্যক্ষ হ'ল প্ৰায় ২.৫ হেজাৰ বিলুপ্তপ্ৰায় ছীলৰ মৃতদেহ । এই বৃহৎ সংখ্যক কাস্পিয়া ছীলৰ মৃতদেহে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমীৰ মাজত । ৰাছিয়াৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ছীলসমূহৰ মৃত্যু কোনো প্ৰাকৃতিক কাৰণতহে হৈছে । কিয়নো ছীল সমূহৰ মৃতদেহত পৰিলক্ষিত হোৱা নাই কোনো আঘাতৰ চিন । প্ৰায় দুই সপ্তাহ পূৰ্বেই মৃত্যুবৰণ কৰা বুলি সন্দেহ কৰা হৈছিল ছীল কেইটা ।
উল্লেখ্য যে, কাস্পিয়ান সাগৰ হৈছে এক আৱদ্ধ সাগৰ । চৌদিশৰ পৰা ইয়াৰ আগুৰি আছে ৰাছিয়া, আজাৰবাইজান, ইৰাণ, কাজাখাস্তান আৰু টুৰ্কমেনিস্তানে । আৰু ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ প্ৰথমাৱস্থাত কাজাখাস্তানৰ সমুদ্ৰ তীৰত দেখা গৈছিল ১৪০ টা কাস্পিয়ান ছীলৰ মৃতদেহ । আকৌ আন ২.৫ হেজাৰ মৃত ছীলৰ আৱিষ্কাৰে এতিয়া কোন দিশে গতি কৰে সেইয়া হ'ব লক্ষ্যণীয় ।
কিন্তু এই ক্ষেত্ৰত মন কৰিব লগীয়া কথা হ'ল যে, কাস্পিয়ান সাগৰক শেহতীয়াকৈ ব্যৱহাৰ কৰা হৈ আহিছে পাৰমাণৱিক অৱশিষ্ট পেলোৱাৰ নতুন ঠিকনা ৰূপে । এই ক্ষেত্ৰত শীৰ্ষত আছে কাজাখাস্তানৰ নাম । সমুদ্ৰ তীৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈত আছে এটি ৰাসায়নিক উদ্যোগ । এই উদ্যোগটোৰ সকলো আৱৰ্জনাৰ বাবে ব্যৱহাৰ কৰা হয় কাস্পিয়ান সাগৰক । তেনেস্থলত এই আৱৰ্জনা সমূহে সাগৰীয় জীৱ সমূহৰ ওপৰত পেলোৱা প্ৰভাৱৰ কথা সহজেই অনূমেয় ।