দেশৰ বৰ্ধিত অৰ্থনীতি দেখি কংগ্ৰেছে ঈৰ্ষা কৰিছে !

দেশৰ বৰ্ধিত অৰ্থনীতি দেখি কংগ্ৰেছে ঈৰ্ষা কৰিছে !

author-image
Asomiya Pratidin
New Update
দেশৰ বৰ্ধিত অৰ্থনীতি দেখি কংগ্ৰেছে ঈৰ্ষা কৰিছে !

দেশৰ বৰ্ধিত অৰ্থনীতি দেখি কংগ্ৰেছে ঈৰ্ষা কৰিছে !

ডিজিটেল ডেস্কঃ দেশৰ বৰ্ধিত অৰ্থনীতিৰ বাবে কংগ্ৰেছে ঈৰ্ষা কৰিছে ! ভাৰতৰ দ্ৰুতগতিত বিকশিত অৰ্থনীতিক লৈ অসুবিধাত পৰিছে কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহ ! এয়া আমাৰ কথা নহয়, এই কথা কৈছে দেশৰ খোদ বিত্তমন্ত্ৰীয়ে।

Advertisment

চলি আছে সংসদৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ মাজতে সোমবাৰে বিৰোধীয়ে ডলাৰৰ বিপৰীতে টকাৰ মূল্য নিম্নগামী হোৱাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। এই প্ৰশ্নৰে উত্তৰ দিবলৈ গৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, দেশৰ বৰ্ধিত অৰ্থনীতিক লৈ ঈৰ্ষা কৰিছে কংগ্ৰেছে।

কংগ্ৰেছ সাংসদ ৰেৱনাথ ৰেড্ডীয়ে প্ৰশ্নোত্তৰ কালত প্ৰশ্ন উত্থাপন কৰি কয়, কেন্দ্ৰ কেৱল চৰকাৰ বচাবলৈ চিন্তিত। টকাৰ মূল্য ধাৰাবাহিক ভাৱে হ্ৰাস পাই আহিছে। ইয়াক লৈ কোনো চিন্তিত নহয়।

তেওঁ কয়, কংগ্ৰেছ চৰকাৰৰ সময়ত যেতিয়া ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৬৬ টকা আছিল সেই সময়ত বিজেপিয়ে কংগ্ৰেছক টকাক আই চি ইউলৈ লৈ যোৱা বুলি সমালোচনা কৰিছিল।

তেওঁ কয়, এতিয়া দুটা পথেই বাকী আছে। আই চি ইউৰ পৰা সুস্থ কৰি টকাক ঘৰলৈ ঘূৰাই অনা বা আই চি ইউৰ পৰা চিধাই মৃত্যুৰ পথলৈ যোৱা। তেওঁ বিত্তমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন কৰি কয়, টকাক সুস্থ কৰি ঘৰলৈ ঘূৰাই অনাৰ কিবা পৰিকল্পনা আছে নেকি?

কংগ্ৰেছ সাংসদ গৰাকীৰ এই তীক্ষ্ণ বাক্যবাণ আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, কংগ্ৰেছৰ সময়ত কেৱল টকাই নহয়, সমগ্ৰ অৰ্থনীতি আই চি ইউলৈ গৈছিল। কৰোনা মহামাৰী, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পাছতো ভাৰতৰ অৰ্থনীতি আজি বৃদ্ধি পাইছে।

বৰ্ধিত অৰ্থনীতিয়ে সংসদত বহি থকা কিছুমান লোকৰ বাবে বিৰক্তি আৰু সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ কয়, বৰ্ধিত অৰ্থনীতিৰ বাবে আমি গৌৰৱান্বিত হে হ'ব লাগে, উপহাস কৰিব নালাগে।

ক্লিক কৰি পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ মানহানিৰ গোচৰ! উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মনীষ ছিচোদিয়াৰ আবেদন

নিৰ্মলা সীতাৰমণ অৰ্থনীতি সংসদৰ অধিৱেশন শীতকালীন অধিৱেশন কংগ্ৰেছে