২০ কোটি টুইটাৰ ব্যহাৰকাৰীৰ ইমেইল হেক...

আপুনি মই ব্যৱহাৰ কৰা সামাজিক মাধ্যমৰ এপ সমূহ আমাৰ বাবে কিমান সুৰক্ষিত..

author-image
Asomiya Pratidin
New Update
অমিতাভ বচ্চন, শ্বাহৰুখ খানৰ পৰা যোগী আদিত্য নাথলৈ একাংশই হেৰুৱালে টুইটাৰৰ ব্লু টিক

২০ কোটি টুইটাৰ ব্যহাৰকাৰীৰ ইমেইল হেক...

ডিজিটেল ডেস্ক: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জগতখনত সামাজিক মাধ্যমৰ যথেষ্ট উল্লেখযোগ্য অৱদান আছে। আপুনি মই ব্যৱহাৰ কৰা সামাজিক মাধ্যমৰ এপ সমূহ আমাৰ বাবে কিমান সুৰক্ষিত। এই এপ সমূহত আমাৰ গোপনীয়তা কিমানদূৰ সুৰক্ষিত ইয়াক লৈ প্ৰশ্ন উত্থাপন হয়। তাৰ মাজতেই এক খবৰে চিন্তিত কৰিছে টুইটাৰ ব্যৱহাৰকাৰী সকলক।

Advertisment

এইবাৰ হেকাৰৰ চকু পৰিছে টুইটাৰত। টুইটাৰ ব্যৱহাৰকাৰীৰ গোপনীয়তা সন্দৰ্ভত এজন নিৰাপত্তা গৱেষকে জনোৱা অনুসৰি ২০ কোটিতকৈ অধিক টুইটাৰ ব্যৱহাৰকাৰীৰ ইমেইল হেক কৰিছে । ইতিমধ্যে এই সন্দৰ্ভত হেকাৰে পোষ্ট কৰিছে অনলাইন হেকিং ফ’ৰামতো।

উল্লেখ্য যে বৰ্তমান সময়লৈকে কোনে,কেনেদৰে একাউন্ট সমূহ হেক কৰিছে সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইজৰাইলী চাইবাৰ নিৰাপত্তা-নিৰীক্ষণ সংস্থা হাডছন ৰকৰ সহ-প্ৰতিষ্ঠাপক এলন গালে এয়া দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

অৱশ্যে এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে টুইটাৰ কৰ্তৃপক্ষই কোনো মন্তব্য উল্লেখ কৰা নাই।

আৰু পঢ়ক: পথ দুৰ্ঘটনা, দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ...

social media twitter