/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8fa1843c-190d-4990-90fd-025372bb23b2/dipak_da.jpg)
মুখ্য বক্তা হিচাপে উপস্থিত থাকে দীপক শৰ্ম্মা
ডিজিটেল সংবাদ,বান্দৰদেৱাঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ পথালিপাহাৰৰ দিলীপপুৰ প্ৰাৰ্থমিক বিদ্যালয়ৰ ১৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ মঙলবাৰে সামৰণি পৰে। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনৰ আজি অন্তিম দিনা ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়ত্ৰী সকলে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় ।
বান্দৰদেৱা উঃ মাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ হাজৰিকাই উদ্বোধন কৰা মুকলি সভাত পৌৰাহিত্য কৰে ডিক্ৰংপৰীয়া জনজাতি প্ৰাঃ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হলিৰাম দত্তই।
অনুষ্ঠানত সাংবাদিক দীপক শৰ্ম্মা মুখ্য বক্তা হিচাপে উপস্থিত থাকে।ছাত্ৰ-ছাত্ৰী ,অভিভাৱক সকলৰ উদ্দেশ্যি গভীৰ বক্তব্য ৰাখে প্ৰৱক্তা ৰাজীৱ পেগু,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ, নাৰায়ণপুৰ প্ৰাঃ শিঃ সন্মিলনৰ সভাপতি উপেন গগৈ,প্ৰৱক্তা ধীৰেন নেওগ,কেন্দ্ৰ সমল সমন্বয়ক ৰমেন গগৈ আদি কৰি বহুকেইজন আমন্ত্ৰিত অতিথিয়ে।
আৰু পঢ়কঃ দৰং জিলাত প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন...