নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ সময়সূচী...

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ সময়সূচী...

ডিজিটেল ডেস্কঃ দেশৰ নির্বাচন আয়োগে ঘোষণা কৰিছে বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়সূচী। দেশৰ ৭খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নির্বাচন।

১৩টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ ৪টা, হিমাচল প্ৰদেশৰ ৩টা, উত্তৰাখণ্ডৰ দুটা আৰু বিহাৰ, তামিলনাড়ু, মধ্যপ্রদেশ, পঞ্জাবৰ এটাকৈ সমষ্টি আছে। নির্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা ১০ জুলাইত ভোটগ্রহণ অনুষ্ঠিত হ'ব আৰু ১৩ জুলাইত ভোটগণনা কৰা হ'ব।

User

উল্লেখযোগ্য যে নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলে ২১জুনৰ ভিতৰত দাখিল কৰিব লাগিব তেওঁলোকৰ মনোনয়ন পত্ৰ। আনহাতে মনোনয়ন পত্ৰসমূহ নিৰীক্ষণ কৰা হ'ব ২৪জুনত। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ সময় সীমা বান্ধি দিছে ২৬জুনলৈকে।

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ সময়সূচী...
অভিনয়ৰ বাবে মন্ত্ৰিত্ব ত্যাগ কৰিব সুৰেশ গোপীয়ে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in