ৰহাৰ সুকল্প কণিষ্ঠ মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%...

ৰহাৰ সুকল্প কণিষ্ঠ মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%...

ডিজিটেল সংবাদ, ৰহাঃ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সুকল্প কণিষ্ঠ মহাবিদ্যালয়ে ৰহালৈ কঢ়িয়াই আনিছে গৌৰৱ। বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে আনন্দৰ বন্যা আনিছে শিক্ষানুষ্ঠানখনলৈ।

বিদ্যালয়খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৮০গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫৫গৰাকী কলা শাখাত, বিজ্ঞান শাখাত ১৫গৰাকী আৰু বাণিজ্য শাখাত ১০গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।

ইয়াৰ ভিতৰত কলা শাখাত ২২ গৰাকী প্ৰথম বিভাগত, ২৫গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৭গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত ৩ জনে প্ৰথম বিভাগ, ৯জনে দ্বিতীয় বিভাগ আৰু ২জন তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

আনহাতে বাণিজ্য শাখাতো এশ শতাংশ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা মহাবিদ্যায়খনৰ পৰা কলা শাখাত এগৰাকীয়ে ডিষ্টিংচন আৰু ৯গৰাকীয়ে ষ্টাৰ লাভ কৰে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে দেখুওৱা এই ফলাফলে অঞ্চলটোক গৌৰৱান্বিত কৰি তুলিছে।

ৰহাৰ সুকল্প কণিষ্ঠ মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%...
পৰীক্ষাহে দিলে, ৰিজাল্ট শুনিবলৈ নাপালে কঠীয়াতলীৰ ৰমেন বিশ্বাসে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in