পৰীক্ষাহে দিলে, ৰিজাল্ট শুনিবলৈ নাপালে কঠীয়াতলীৰ ৰমেন বিশ্বাসে...

পৰীক্ষাহে দিলে, ৰিজাল্ট শুনিবলৈ নাপালে কঠীয়াতলীৰ ৰমেন বিশ্বাসে...

ডিজিটেল সংবাদ, কঠীয়াতলীঃ বৃহস্পতিবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল ৷ ৮৮% শতাংশ নম্বৰ লাভেৰে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল কঠীয়াতলীৰ ৰমেন বিশ্বাস। কিন্তু পুত্ৰৰ ভাল ফলাফল পায়ো কান্দোনত ভাঙি পৰিছে নগাঁৱৰ ৰমেন বিশ্বাসৰ পিতৃ-মাতৃ ৷ ফলাফল জানিবলৈ এই সংসাৰত নাই পুত্ৰ ৰমেন বিশ্বাস৷

উল্লেখযোগ্য যে বিগত ৪দিন পূৰ্বে নগাঁৱৰ পানীখাইটিত এটা দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে কৃৰ্তি ছাত্ৰজনে ৷ কঠিয়াতলীৰ নিবাসী নাৰায়ন বিশ্বাস আৰু অনুপমা চৰকাৰৰ পুত্ৰ ৰমেন বিশ্বাসে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৫টা বিষয়ত লেটাৰ মাৰ্ক সহ ৮৮% শতাংশ নম্বৰ লাভ কৰি কঠিয়াতলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ কিন্তু পুত্ৰৰ মৃত্যুৰ আজি চাৰিটা দিন উকলি গৈছে ৷ যাৰ বাবে আনন্দৰ মাজতো শোকৰ বন্যা বৈছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত ৷

পৰীক্ষাহে দিলে, ৰিজাল্ট শুনিবলৈ নাপালে কঠীয়াতলীৰ ৰমেন বিশ্বাসে...
পূব-জ্যোতিনগৰত লজ্জাজনক ঘটনা : কুলাংগাৰ পুত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত পিতৃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in