সংঘাত নহয়, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিবলৈ গোট হ'ল নগা-অসমীয়াঃ ৪ দিনীয়াকৈ ভলীবল প্ৰতিযোগিতা...

সংঘাত নহয়, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিবলৈ গোট হ'ল নগা-অসমীয়াঃ ৪ দিনীয়াকৈ ভলীবল প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
সংঘাত নহয়, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিবলৈ গোট হ'ল নগা-অসমীয়াঃ ৪ দিনীয়াকৈ ভলীবল প্ৰতিযোগিতা...

সংঘাত নহয়, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিবলৈ গোট হ'ল নগা-অসমীয়াঃ ৪ দিনীয়াকৈ ভলীবল প্ৰতিযোগিতা...

ডিজিটেল সংবাদ বেকাজানঃ ক্ৰীড়া মাধ্যমৰে চুবুৰীয়া নাগালেণ্ডৰ নাগা ভাইসকলৰ সৈতে শান্তি , একতা আৰু ভ্ৰাতৃত্ববোধ সুদৃঢ় কৰা তথা তিতাবৰ মহকুমাৰ সীমান্তবাসী আৰু নাগালেণ্ডৰ ৱাখা জিলাৰ চাংপাঙ ছাৰ্কোলৰ অন্তৰ্গত প্ৰতিবেশী গাঁৱসমূহৰ মাজত সম্প্ৰীতি বান্ধোন নিককপীয়া কৰাৰ উদ্দেশ্য Strive For Unity অৰ্থাৎ একতাৰ প্ৰয়াস শীৰ্ষক মহৎ উদ্দেশ্যৰে আজিৰে পৰা ২১ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বৰহোলাৰ ৰজাবাহৰত অনুষ্ঠিত হৈছে নগা-অসমীয়াৰ সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা ।

Advertisment

নগা-অসমীয়া ফেইণ্ডলি ভলীবল টুৰ্ণামেণ্ট সমিতিৰ উদ্যোগ আৰু ৰজাবাহৰ ৰূপালীম সাংস্কৃতিক সন্থাৰ সহযোগত সমাজকৰ্মী গোলক চন্দ্ৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত আজি পুৱা গায়ন-বায়নেৰে আমন্ত্ৰিত অতিথিসকলক খেলপথাৰলৈ আদৰি অনা হয়। ইয়াৰ ফ্ৰেণ্ডলী ভলীবল টুৰ্ণামেণ্টৰ সাধাৰণ সম্পাদক দীপাংকৰ চাংমায়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই পতাকা উত্তোলন কৰে। সম্প্ৰীতিমূলক প্ৰতিযোগিতাখনি উদ্বোধন কৰে নাগালেণ্ডৰ ডিমাপুৰৰ বিশিষ্ট সমাজকৰ্মী ডেনিয়েল ইজুঙে ।

আনহাতে প্ৰতিযোগিতাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয়- এই সম্প্ৰীতিমূলক প্ৰতিযোগিতাখন অসমীয়া আৰু চুবুৰীয়া নগাসকলৰ মাজত বিগত ২০ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে। এনে প্ৰয়াসে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে । ই আমাৰ অতি প্ৰশংসনীয় কাৰ্য । কাৰণ নগা-অসমীয়া আমি ককাই-ভাই ।

আনহাতে নাগালেণ্ডৰ লুথা জনগোষ্ঠীৰ বিশিষ্ট সমাজকৰ্মী ডেনিয়েল ইজুঙে কয় যে, এই প্ৰতিযোগিতাখনে প্ৰমাণ কৰিছে যে, নগা আৰু অসমীয়াৰ কিমান বন্ধুত্ব আৰু সম্প্ৰীতি আছে তাকে দাঙি ধৰিছে । দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ এনে মহৎ প্ৰচেষ্টাৰ বাবে সীমান্তত কেতিয়াও সীমা সংঘাত নাথাকিব ।

ইয়াৰ উপৰিও যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মোহন লাল মিনা, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, মহকুমা দণ্ডাধিশ ৰাজা বৈশ্য, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, যোৰহাট জিলা পৰিষদৰ সদস্য পবন গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে । উল্লেখযোগ্য যে, এই ভলীবল প্ৰতিযোগিতাখনিত নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ ক্ৰমে চাংপাঙ , অল্ডছুৰি , নিউছুৰি , অল্ড অম্বোটো , নিউ অম্বোটো , মিথেহী, আখাহটো গাঁৱৰ প্ৰায় ১২ টা দল আৰু অসমৰ ১২ টা পুৰুষ - মহিলা ভলীবল দলে অংশগ্ৰহণ কৰিছে ।

অসম আৰু নগাৰ মাজত অনুষ্ঠিত এই সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতাখনি উপভোগ কৰিবলৈ সহস্ৰাধিক লোকৰ আগমন হয় । উল্লেখযোগ্য যে অসম - নাগালেণ্ড মাজৰ এই গুৰুত্বপূৰ্ণ খেলখনৰ সামৰণি তথা বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকিব কৃষিমন্ত্ৰী অতুল বৰা , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

ক্লিক কৰি পঢ়কঃ অসমৰ পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা...

অসম ভলীবল প্ৰতিযোগিতা নাগালেণ্ড