৩ সমষ্টিৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ২৩০ ফুট ফ্লেক্সত ১ লাখ গণ স্বাক্ষৰ অভিযান...

৩ সমষ্টিৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ২৩০ ফুট ফ্লেক্সত ১ লাখ গণ স্বাক্ষৰ অভিযান...
৩ সমষ্টিৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ২৩০ ফুট ফ্লেক্সত ১ লাখ গণ স্বাক্ষৰ অভিযান...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা, মানকাচৰ আৰু জলেশ্বৰ সমষ্টিত বহ্মপুত্ৰই চলাই অহা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে সমষ্টি তিনিটাৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত ৰাইজৰ দলে ২৩০ ফুট দৈৰ্ঘৰ দুখন ফ্লেক্সত ১ লাখকৈ গণ স্বাক্ষৰ অভিযান আজিৰ পৰা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, ৰাইজৰ দলৰ মুখপাত্ৰ অধিবক্তা আনিছুৰ ৰহমানৰ নেতৃত্বত সমষ্টি তিনিটাৰ পৰা ২৩০ ফুটকৈ দুখন পৃথক ফ্লেক্সত ১ লাখকৈ ৰাইজৰ স্বাক্ষৰ গ্ৰহন কৰি মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে আজিৰ পৰা এই সমূহীয়া গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে।

আজি দিনৰ প্ৰায় ১২ বজাত ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানৰ উপস্থিতিত মানকাচৰ সমষ্টিৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এই সমূহীয়া গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়। জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাইজে দুখন পৃথক ফ্লেক্সত দুটাকৈ চহী প্ৰদান কৰে।

ইয়াৰ পাছত হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ আৰু ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙা, কালাইৰ আলগা, পুৰাণ সুখচৰ, সুখচৰ এলেকাৰ লগতে হাটশিঙিমাৰী মহাবিদ্যালয়তো এই সমূহীয়া গণ সাক্ষৰ অভিযান চলোৱা হয়। আজি মানকাচৰ সমষ্টিত এই গণ স্বাক্ষৰ অভিযান চলোৱাৰ পাছত কাইলৈ দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট, পাটাকাটা, টুমনি, দক্ষিণ শালমাৰা, শালকাটা, ফকিৰগঞ্জত এই অভিযান চলোৱা হ'ব।

একেদৰে তৃতীয় দিনা আইৰকাটাৰ লগতে জলেশ্বৰ সমষ্টিত এই সমূহীয়া গণ স্বাক্ষৰ অভিযান চলোৱা হ'ব। ফ্লেক্স দুখনত ১ লাখকৈ চহী সম্পূৰ্ণ হোৱাৰ অন্তত হাটশিঙিমাৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে কেবাটাও দাবী সম্বলিত দুখন পৃথক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব।

ৰাইজৰ দলৰ দাবী কেইটা হৈছে, ১) অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী বান্ধ নিৰ্মাণ কৰি গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে, ২) গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা প্ৰতিটো পৰিয়ালক অতি কমেও ১ বিঘাকৈ মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে, ৩) গৰাখহনীয়াৰ ফলত ভূমিহীন আৰু গৃহহীন হোৱা প্ৰতিটো পৰিয়াল জৰিপ কৰি গৰাখহনীয়াৰ প্ৰমান পত্ৰ প্ৰদান কৰিব লাগে, ৪) গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্থ হোৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে আৰু ৫) মানকাচৰৰ সুখচৰৰ পৰা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জলৈ ৪ (চাৰি) লাইন যুক্ত পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে।

সমষ্টি তিনিটাৰ দীৰ্ঘদিনীয়া এই দাবী কেইটাক লৈ বিভিন্ন দল সংগঠনে বহুবাৰ আন্দোলন কৰাৰ লগতে বাৰে বাৰে স্মাৰক পত্ৰ প্ৰদান কৰিও আজিলৈ ৰাইজে কোনো সুফল পোৱা নাই। তেনে ক্ষেত্ৰত ৰাইজৰ দলৰ এই দাবীৰ প্ৰতি মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিমান গুৰুত্ব প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

মন কৰিবলগীয়া যে, অসমত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ গঠন কৰাৰ পাছত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল দক্ষিণ শালমাৰা সমষ্টিত উপস্থিত হৈ মানকাচৰৰ সুখচৰৰ পৰা দক্ষিণ শালমাৰা, ফকিৰগঞ্জ তথা লক্ষীপুৰ হৈ আগীয়ালৈ পৃথক চাৰি লাইন যুক্ত এখন পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেখেতৰ এই প্ৰতিশ্ৰুতি আজিলৈ চৰকাৰে পূৰণ নকৰিলে।

ফলত আজিও এই এলেকাৰ জনতা চুবুৰীয়া মেঘালয়হৈ গোৱালপাৰা তথা গুৱাহাটীৰ লগতে বহিঃ জিলালৈ যায়ায়ত কৰিব লাগে। মেঘালয়ৰ পথেৰে যাতায়ত কৰা অসমীয়া লোকক সময়ে সময়ে মেঘালয়ৰ গাৰো উগ্ৰপন্থীয়ে অপহৰণ কৰি ধনদাবী কৰাৰ দৰে বহু ঘটনা সংঘটিত হৈ আহিছে।

ফলত মানকাচৰৰ পৰা অসমৰ ভূমিৰে পৃথকৈ এখন পথ নিৰ্মাণৰ অতি প্ৰয়োজন বুলি ৰাইজৰ দলৰ মুখপাত্ৰ অধিবক্তা আনিছুৰ ৰহমান দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in