নতুন অসম বুৰঞ্জী ! ব্ৰজাৱলী ভাষা শংকৰদেৱৰ সৃষ্টি নহয়, প্ৰাগজ্যোতিষপুৰ আছিল বাংলাদেশত...

নতুন অসম বুৰঞ্জী ! ব্ৰজাৱলী ভাষা শংকৰদেৱৰ সৃষ্টি নহয়, প্ৰাগজ্যোতিষপুৰ আছিল বাংলাদেশত...

ডিজিটেল ডেস্কঃ শংকৰদেৱৰ জন্ম ১৪৪৯ চনত হোৱা নাছিল ! শ্ৰীশ্ৰী হৰিদেৱৰ জীৱনকাল ১৪০ বছৰ নাছিল ! প্ৰাগজ্যোতিষপুৰ বুলি কোনো ভূখণ্ড অসম ভূমিত নাছিল ! নাছিল বাঘ হাজৰিকা বুলি কোনো চৰিত্ৰ !

একেদৰে শংকৰদেৱে সৃষ্টি কৰা নাছিল ব্ৰজাৱলী ভাষা ! এয়া আমাৰ কথা নহয়। অতি বিতৰ্কিত এই কথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা গৱেষক ড০ মাধুৰ্যমণ্ডিত বৰুৱাৰ।

বহু বিতৰ্কৰ অৱতাৰণা কৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মাধুৰ্যমণ্ডিত বৰুৱাই এক সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে। এই সংবাদ মেলতে তেওঁ উত্থাপন কৰা বিষয়বোৰে অসমৰ বুৰঞ্জী, ইতিহাসকেই নহয়, অসমীয়া সমাজ জীৱনখনত প্ৰচলিত বহু ধাৰণাকে অসত্য বুলি দাবী কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ দিন, তাৰিখ, হৰি দেৱৰ জীৱন কাল, ব্ৰজাৱলী ভাষা, বাঘ হাজৰিকা আদিৰ সম্পৰ্কে নতুনকৈ উল্লেখ কৰিছে ড০ মাধুৰ্যমণ্ডিত বৰুৱাই। তেওঁ দাবী কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ১৪৪৯ চনত নহয়, তেওঁৰ জন্ম হৈছিল হেনো ১৪৫৯ চনতহে।

গুৰুজনাৰ আবিৰ্ভাৱ তিথি অসমৰ বৈষ্ণৱ সমাজে বিজয়া দশমীত পালন কৰি আহিছে যদিও ড০ বৰুৱাৰ মতে গুৰুজনাৰ আবিৰ্ভাৱ তিথি কাতিৰ সংক্ৰান্তিহে। মহাপুষু জনাৰ জীৱন কাল আছিল হেনো ১০৮ বছৰ।

একেদৰে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ আয়ুসকাল আছিল ১৪০ নহয় বৰঞ্চ ১০১ বছৰহে আছিল বুলিও তেওঁ দাবী কৰিছ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ সমগ্ৰ সৃষ্টিৰাজি ব্ৰজাৱলী ভাষাত লিখিছিল বুলি ইমানদিনে প্ৰচাৰ হৈ অহাৰ লগতে ব্ৰজাৱলী ভাষাত লিখা সেই সময়ৰ পুথি উদ্ধাৰ হৈছে।

ইমানদিনে এই ব্ৰজাৱলী ভাষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে সৃষ্টি বুলি প্ৰচাৰ চলি আহিছে। ড০ মাধুৰ্যমণ্ডিত বৰুৱাৰ মতে ব্ৰজাৱলী ভাষা শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নহয়। শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বৰে পৰাই ব্ৰজাৱলী ভাষাৰ প্ৰচলন আছিল হেনো অসমত। তেওঁৰ মতে বাংলা ভাষা অসমীয়া ভাষাৰ পৰাই সৃষ্টি হৈছে।

ইফালে শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ অন্যতম সহযোগী আছিল বাঘ হাজৰিকা। বাঘ হাজৰিকাক কেন্দ্ৰ কৰিয়েই বিগত সময়ছোৱাত বহু বিতৰ্ক চলি আহিছে।

বহুতেই বাঘ হাজৰিকাৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। তাৰ মাজতে ড০ মাধুৰ্যমণ্ডিত বৰুৱাই দাবী কৰিছে বাঘ হাজৰিকাৰ কোনো অস্তিত্বই নাই। কেৱল সেয়াই নহয়, প্ৰাগজ্যোতিষপুৰ বুলিও কোনো ভূখণ্ডৰ অস্তিত্ব অসম ভূমিত হোনো নাই।

তেওঁৰ মতে প্ৰাগজ্যোতিষপুৰ আছে বাংলাদেশৰ ৱাৰী-বটেশ্বৰ অঞ্চলত। সেই অঞ্চলটোৱেই আছিল প্ৰাগজ্যোতিষপুৰ। এইসকলোবোৰ বিষয় তেওঁ নতুনকৈ লিখা অসম বুৰঞ্জীত সন্নিৱিষ্ট কৰিছে।

এই নতুন অসম বুৰঞ্জী আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব ২৭ জানুৱাৰীত। ড০ মাধুৰ্যমণ্ডিত বৰুৱাৰ এই নতুন অসম বুৰঞ্জীয়ে যে বহু বিতৰ্কৰ সূচনা কৰিব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in