স্বাস্থ্যৰ বাবে অমৃত মাটিৰ পাত্ৰত থকা পানী

পানী খোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী, সেয়া সকলোৰে জ্ঞাত।সেয়ে হয়তো পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়।বিশেষকৈ গৰমৰ দিনকেইটাত শৰীৰত সতেজতা আৰু শক্তি বজাই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো খুবেই প্ৰয়োজন।

author-image
Asomiya Pratidin
New Update
স্বাস্থ্যৰ বাবে অমৃত মাটিৰ পাত্ৰত থকা পানী

ডিজিটেল ডেস্ক: পানী খোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী, সেয়া সকলোৰে জ্ঞাত।সেয়ে হয়তো পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়।বিশেষকৈ গৰমৰ দিনকেইটাত শৰীৰত সতেজতা আৰু শক্তি বজাই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো খুবেই প্ৰয়োজন।অৱশ্যে শৰীৰক উপকাৰিতা প্ৰদানৰ বাবে সঠিকভাৱে পানী খোৱাটো দৰকাৰ।আমি বহুতেই গৰম- ঠাণ্ডা পানী মিহলাই খাওঁ। কিন্তু এনেদৰে পানী খোৱাটো স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক।

Advertisment

বহু লোক এনে আছ, যিসকলে ফ্ৰীজৰ পৰা পানী উলিয়াই আৰু অত্যাধিক ঠাণ্ডা হ'লে তাত গৰম পানী মিহলি কৰে। কিন্তু এনেদৰে পানী খোৱাটোয়ে আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে। হয়,  ঠাণ্ডা পানী হজম কৰিবলৈ সময় লাগে। আনহাতে, গৰম পানী পাতল হয়। সেয়েহে, গৰম আৰু ঠাণ্ডা পানী একেলগে মিহলি কৰি খোৱাৰ ফলত বদহজমৰ সমস্যা হ'ব পাৰে। তদুপৰি, গৰম পানীত বেক্টেৰিয়া নাথাকে। কিন্তু ঠাণ্ডা পানী দূষিত হ'ব পাৰে।যি শৰীৰত হোৱা বিভিন্ন ৰোগৰ কাৰণ হ'ব পাৰে।

মাটিৰ পাত্ৰৰ পানী অমৃতৰ দৰে

মাটিৰ পাত্ৰৰ পানী স্বাস্থ্যৰ বাবে অমৃতৰ দৰে। এই পানী ঠাণ্ডা, বিশুদ্ধৰ উপৰিও পানীত থকা খনিজ পদাৰ্থবোৰ এই পানীয়ে সংৰক্ষণ কৰে। মাটিৰ পাত্ৰত পানী খোৱাটো আয়ুৰ্বেদৰ মতেও স্বাস্থ্যৰ পক্ষে খুব উপকাৰী।তদুপৰি, এই পানীয়ে আপোনাৰ পাচন ক্ষমতাও ভাল ৰাখে। কাহ-কফ বৃদ্ধি নকৰাকৈ মাটিৰ পাত্ৰৰ পানীয়ে আপোনাৰ শৰীৰ শীতল ৰাখে। 

Also Read: ৰীলত নামত ষ্টাণ্ট কৰাসকল সাৱধান হওঁক