ৰীলত নামত ষ্টাণ্ট কৰাসকল সাৱধান হওঁক

ৰীল বনোৱাৰ নামত আজিকালি এচামে কি নকৰে ! শেহতীয়াকৈ আৰক্ষীয়ে এগৰাকী যুৱতী আৰু তেওঁৰ বন্ধুক এটা বিপদজনক ষ্টাণ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
ৰীলত নামত ষ্টাণ্ট কৰাসকল সাৱধান হওঁক

ডিজিটেল ডেস্ক: ৰীল বনোৱাৰ নামত আজিকালি এচামে কি নকৰে ! শেহতীয়াকৈ আৰক্ষীয়ে এগৰাকী যুৱতী আৰু তেওঁৰ বন্ধুক এটা বিপদজনক ষ্টাণ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।

Advertisment

প্ৰকৃততে, ছ’চিয়েল মেডিয়াত কেইদিমান পূৰ্বে এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত এগৰাকী যুৱতীয়ে এটা অট্টালিকাৰ চাদৰ পৰা ওলমি আছিল।যুৱতীগৰাকীয়ে সেয়া ৰীলৰ বাবে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল।শেহতীয়াকৈ আৰক্ষীয়ে এইগৰাকী যুৱতী আৰু তেওঁৰ বন্ধুক এই বিপদজনক ষ্টাণ্টৰ বাবে গ্ৰেপ্তাৰ কৰিছে। ২৩ বছৰীয়া এই যুৱতীগৰাকীৰ নাম মিনাক্ষী চালুংখে আৰু যুৱকজন ২৭ বছৰীয়া মিহিৰ গান্ধী। ভিডিঅ'টো গ্ৰহণ কৰি থকা ব্যক্তিজন এতিয়া পলাতক।ঘটনাটো পুনেৰ। পুনেৰ ভাৰতী বিদ্যাপীঠ আৰক্ষী থানাই এই দুয়োজনকে বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। ভিডিঅ'টোত দেখা গৈছে যে মিনাক্ষীয়ে মিহিৰৰ এটা হাত ধৰি এটা উচ্চ অট্টালিকাৰ ওপৰৰ পৰা ওলমি আছে।এই ভিডিঅটো ভাইৰেল হোৱাৰ লগে লগেই ছ'চিয়েল মেডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।ইয়াৰ পাছতে পুনে আৰক্ষীয়ে অনুসন্ধান চলাই এই দুয়োজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভাৰতী বিদ্যাপীঠ আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক দশৰথ পাটিলে জনোৱা মতে, 'আমি ভিডিঅ'টোৰ বিষয়ে তথ্য পোৱাৰ পিছত আমি অনুসন্ধান আৰম্ভ কৰিছিলো আৰু তেওঁলোকক বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলো। তাৰ পাছত আৰক্ষী চকীলৈ তেওঁলোকক মাতি আনি গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক আইপিচি ধাৰা ৩৩৬ আৰু অন্যান্যৰ অধীনত অভিযুক্ত কৰিছো। তেওঁলোকৰ অপৰাধটো সৰু। যাৰ বাবে ছয় মাহতকৈ কম কাৰাদণ্ড আৰু জৰিমনা হ'ব পাৰে। এই ষ্টাণ্টটোত জড়িত তৃতীয় জন ব্যক্তিৰ সন্ধান এতিয়াও চলি আছে।'

Also Read: প্ৰাণৰ প্ৰতি ভাবুকি মাতিব পাৰে আপুনি কৰা এই ভুলে