চলিত বৰ্ষত ভাৰতৰ কফি ৰপ্তানি ৪০% বৃদ্ধিৰে ১.৫৪ বিলিয়ন ডলাৰ স্পৰ্শ...

ভাৰতৰ পৰা বৃহৎ পৰিসৰত কফি ৰপ্তানি কৰা হৈছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-ফেব্ৰুৱাৰী সময়ছোৱাত ভাৰতৰ কফি ৰপ্তানি ৪০ শতাংশতকৈ বৃদ্ধি পাই ১.৫৪ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰে।

author-image
Asomiya Pratidin
New Update
we

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাইছে কফি উৎপাদনে। বিশ্বব্যাপী কফিৰ দাম যথেষ্ট বৃদ্ধি পাইছে। ভাৰতৰ পৰা বৃহৎ পৰিসৰত কফি ৰপ্তানি কৰা হৈছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-ফেব্ৰুৱাৰী সময়ছোৱাত ভাৰতৰ কফি ৰপ্তানি ৪০ শতাংশতকৈ বৃদ্ধি পাই ১.৫৪ বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰে।

Advertisment

বিগত বৰ্ষত এই সংখ্যা আছিল ১.১০ বিলিয়ন ডলাৰ। বাণিজ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহৰ ভিতৰত কফি মূল্যৰ হিচাপত ২২ শতাংশ বৃদ্ধি পাই ১৭৮.৬৮ মিলিয়ন টকা (১৪৬.০৮ মিলিয়ন ডলাৰ) হৈছে।

টকাৰ হিচাপত ২০২৪-২৫ বৰ্ষৰ এপ্ৰিল-ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰপ্তানি ৪৩.৩৭ শতাংশ বৃদ্ধি পাই ১৩০০৪.৭৫ কোটি টকা হৈছে, যিটো পূৰ্বৰ বৰ্ষত মাত্ৰ ৯০৭০ কোটি টকা আছিল। উল্লেখ কৰা প্ৰয়োজন যে, বিশ্বৰ ভিতৰতে ভাৰত কফিৰ সপ্তম বৃহত্তম উৎপাদন আৰু পঞ্চম বৃহত্তম ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হৈছে। 

কফি