ঘৰতে কৰিব পাৰি নাকৰ ৰক্তক্ষৰণৰ চিকিৎসা

ঘৰত সহজে উপলব্ধ কেতবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আপুনি অতি সোনকালে এই সমস্যাৰ পৰা সকাহ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
ঘৰতে কৰিব পাৰি নাকৰ ৰক্তক্ষৰণৰ চিকিৎসা

ডিজিটেল ডেস্ক: অত্যাধিক গৰম বা অত্যাধিক ঠাণ্ডা বতৰত হঠাতে নাকৰ ৰক্তক্ষৰণ হয়।যাক আমি সাধাৰণতে এঁৱা ভঙা বুলি কওঁ। বহুসময়ত বহুলোকে এনে হ’লে ভয় খায়। কি কৰিব কি নকৰিব তাৰ একো উৱাদিহ নাপায়। যদি আপুনিও ইয়াৰ ভুক্তভোগী তেন্তে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই।ঘৰত সহজে উপলব্ধ কেতবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আপুনি অতি সোনকালে এই সমস্যাৰ পৰা সকাহ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

পিঁয়াজৰ ৰস

যদি আপোনাৰ গ্ৰীষ্মকালতো এই সমস্যা হয়, তেন্তে আপুনি পিয়াজৰ ৰস ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ বাবে আপুনি প্ৰথমে পিঁয়াজখিনি গুৰি কৰি ৰস উলিয়াই ল’ব।এই ৰসত কপাহৰ টুকুৰা এটা তিয়াই লৈ ৰক্তক্ষৰণ হোৱা নাকত ৩-৪ মিনিটৰ বাবে প্ৰয়োগ কৰক। ইয়াৰ উপৰিও, আপুনি নাকত পিঁয়াজৰ টুকুৰা এটা ৰাখি ইয়াৰ গোন্ধও ল'ব পাৰে।

বৰফৰ টুকুৰা

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এখন কোমল টাৱেলত কেইটামান বৰফৰ টুকুৰা লৈ ইয়াক নাকত ৰাখিব।নাকটোৰ চাৰিওফালে আপুনি বৰফৰ টুকুৰাৰে ঘঁহিও দিব পাৰে। ইয়াৰ পাছতো  যদি নাকৰ পৰা তেজ ওলাই, পুনৰ এই বিধিয়েই গ্ৰহণ কৰিব।

এপল চাইডাৰ ভিনেগাৰ

ভিনেগাৰত থকা এচিডে ৰক্তনলীবোৰ সংকুচিত কৰে, যিয়ে ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে। ইয়াৰ বাবে আপোনাক এক চামুচ এপল চাইডাৰ ভিনেগাৰ বা বগা ভিনেগাৰ আৰু কপাহৰ প্ৰয়োজন। কপাহখিনি ভিনেগাৰত তিয়াই লৈ নাকৰ ওপৰত ৮-১০ মিনিটৰ বাবে ৰাখিব।ই তৎক্ষণাত ৰক্তক্ষৰণ বন্ধ কৰিব পাৰে।

বিছুৱা পাত (নেটল লীফ)

বিছুৱা পাত হৈছে প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট। ইয়াত ৰক্তক্ষৰণ-প্ৰতিৰোধী যৌগ থাকে।নাকৰ পৰা ঘপহকৈ তেজ ওলালে আপোনাক এক চামুচ বিছুৱা পাত, একাপ গৰম পানী আৰু কপাহৰ প্ৰয়োজন হ'ব। গৰম পানীত এই পাতখিনি উতলাই কপাহখিনি তাত ৫-১০ মিনিটৰ বাবে তিয়াই ৰাখক আৰু তাৰ পিছত ৰক্তক্ষৰণ বন্ধ নোহোৱালৈকে ইয়াক নাকৰ ওপৰত ৰাখক।

তেল

নাকৰ ৰক্তক্ষৰণৰ চিকিৎসাৰ বাবে মিঠাতেল ব্যৱহাৰ কৰাটো পুৰণি নিয়ম।ইয়াত থকা গুণাগুণবোৰে ৰক্তক্ষৰণ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। লেভেণ্ডাৰ তেলো ক্ষতিগ্ৰস্ত ৰক্তনলীবোৰ মেৰামতি কৰাত সহায়ক হ'ব পাৰে।সেয়েহে আপুনি নাকৰ এই সমস্যাত ভূগিলে দুইৰ পৰা তিনি টোপাল লেভেণ্ডাৰ তেল বা মিঠাতেলত কপাহ তিয়াই ইয়াক নাকত লগাব।

আনহাতে, এৱাঁ ভাঙিলে সদায়  মুৰটো ওপৰলৈ ডাঙি দিব লাগে। ই ৰক্তক্ষৰণ হ্ৰাস কৰে। ইয়াৰ পিছত আপুনি ঘৰুৱা প্ৰতিকাৰৰ সহায়ত তেজ বন্ধ কৰিব পাৰে।

Also Read: স্বাস্থ্যৰ বাবে আশীৰ্বাদস্বৰূপ ইলাচী, আপুনিও খোৱা আৰম্ভ কৰক