/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/80807f9a-f81d-45fa-9be7-4b717460fb89/elaichi.jpg)
ডিজিটেল ডেস্ক: ইলাচীক সাধাৰণতে মুখ সতেজক বা মচলা হিচাপে ব্যৱহাৰ কৰা হয়।কিন্তু কেৱল ব্যঞ্জনৰ সোৱাদ-গোন্ধ বৃদ্ধি কৰাই নহয়, ইলাচীয়ে আমাৰ শৰীৰটোক বহু প্ৰকাৰে উপকাৰ কৰে। ই চৰ্দি-কাহ, হজমৰ সমস্যা সমাধানত অতি কাৰ্যকৰী।আজি ইলাচীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-
ডিঙিৰ বিষ
আপুনি যদি সঘনাই ডিঙিৰ বিষত ভোগে, তেন্তে আপোনাৰ বাবে ইলাচী খোৱাটো অতি উপকাৰী।ইয়াৰ বাবে আপুনি খাদ্য গ্ৰহণৰ পাছত ইলাচী খাব পাৰে।
কাহৰ চিকিৎসা
কাহ হ’লে আপুনি ইলাচী খাব পাৰে। ইয়াৰ বাবে আপুনি এটা সৰু ইলাচী, আদা, লং আৰু তুলসীৰ পাত একেলগে খাব লাগিব। এনেদৰে খালে আপুনি খুব সোনকালেই কাহৰ পৰা সকাহ পাব।
ফোঁহা আঁতৰাবলৈ
মুখৰ ভিতৰৰ ছাল এৰাই যোৱাটো খুব বেদনাদায়ক।এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ইলাচী গুৰি চেনীৰ সৈতে মিহলি কৰি মুখত লৈ থাকিব। যথেষ্ট লাভাম্বিত হ'ব।
এচিডিটি
খাদ্য গ্ৰহণৰ পাছত ইলাচী খোৱাৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যা নহয়।সেয়েহে দীৰ্ঘসময়ৰ বাবে বাহিৰলৈ ওলাই যাবলগীয়া হ’লে লগত ইলাচী ৰাখিব।
মুখৰ বেয়া গোন্ধ
যদি আপোনাৰ মুখখন গোন্ধাই থাকে, সেউজীয়া ইলাচী চোবাই থাকিব।
মুখৰ সংক্ৰমণ
মুখত যিকোনো ধৰণৰ সংক্ৰমণ আঁতৰ কৰাৰ ক্ষেত্ৰটো ইলাচী যথেষ্ট উপকাৰী।
হিকটি দূৰ হয়
যদি কোনো ব্যক্তিৰ হিকটি বন্ধ নোহোৱা হয়, তেন্তে তেওঁ ইলাচী গ্ৰহণ কৰা উচিত। ইলাচী মুখত লৈ লাহে লাহে চোবাই থাকিলে এই সমস্যাটোৰ সমাধান হয়।
Also Read: বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ইলাচী পানীয়ে