বয়সৰ হিচাপত আপোনাৰ ওজন কিমান হ’ব লাগে জানি লওঁক

স্বাস্থ্যৱান হৈ থাকিবলৈ আমাৰ শৰীৰৰ ওজনৰ গুৰুত্ব কি, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।কিন্তু খুব কম লোকেহে জানে যে বয়স অনুসৰি আমাৰ শৰীৰৰ ওজন কিমান হ'ব লাগে। যদি বয়স অনুসৰি ওজন কম বা বেছি হয়, তেনেহ'লে বহু স্বাস্থ্য সমস্যাৰ সৃষ্টি হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
বয়সৰ হিচাপত আপোনাৰ ওজন কিমান হ’ব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: স্বাস্থ্যৱান হৈ থাকিবলৈ আমাৰ শৰীৰৰ ওজনৰ গুৰুত্ব কি, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।কিন্তু খুব কম লোকেহে জানে যে বয়স অনুসৰি আমাৰ শৰীৰৰ ওজন কিমান হ'ব লাগে। যদি বয়স অনুসৰি ওজন কম বা বেছি হয়, তেনেহ'লে বহু স্বাস্থ্য সমস্যাৰ সৃষ্টি  হ'ব পাৰে। সঠিক ওজনে আমাৰ শৰীৰক বহু প্ৰকাৰৰ ৰোগৰ পৰা আঁতৰাই ৰাখে। বিশেষজ্ঞসকলৰ মতে, সকলোৰে শৰীৰ পৃথক। শৰীৰৰ ওজন বিভিন্ন কাৰকৰ ওপৰতো নিৰ্ভৰ কৰে।বয়স অনুসৰি শৰীৰৰ ওজন কিমান থাকিব লাগে, আজি জানো আহক-

Advertisment

নৱজাতক শিশুৰ ওজন

নৱজাতক ছোৱালীৰ ওজন ৩.৩ কিলোগ্ৰাম হ'ব লাগে আৰু ল’ৰা সন্তানৰ ওজন ৩.২ কিলোগ্ৰাম হ'ব লাগে।

২-৫ মাহ- ২-৫ ল’ৰাৰ ৫.৪ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ ওজন ৬ কিলোগ্ৰাম হ'ব লাগে। 

৬-৮ মাহ-  ৬-৮ মাহৰ ল’ৰাৰ ওজন ৭.২ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ ওজন ৬.৫ কিলোগ্ৰাম হ'ব লাগে। 

৯ মাহৰ পৰা ১ বছৰ - ৯ মাহৰ পৰা এবছৰলৈ ল’ৰাৰ ওজন ১০ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ ওজন ৯.৫০ কিলোগ্ৰাম হ'ব লাগে।

২-৫ বছৰ- ২-৫ বছৰ বয়সৰ ল’ৰাৰ ওজন ১২.৫ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ ওজন ১১.৮ কিলোগ্ৰাম হ'ব লাগে। 

৬-৮ বছৰ- ৬-৮ বছৰ বয়সত ল’ৰাৰ ওজন ১২-১৮ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ ওজন ১৪-১৭ কিগ্ৰা হ'ব লাগে। 

৯-১১ বছৰ- ৯-১১ বছৰ বয়সত ল’ৰাৰ ওজন ২৮.১ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ ওজন ২৮.৫ কিলোগ্ৰাম হ'ব লাগে। 

আনহাতে, ১ বছৰীয়া ল’ৰাৰ ওজন ১০.২ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ ওজন ৯.৫ কিলোগ্ৰাম হ'ব লাগে। ২ বছৰ বয়সত ল'ৰাৰ ওজন ১২.৩ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ১১.৮ কিলোগ্ৰাম হ'ব লাগে।

৩-৫ বছৰ

৩-৪ বছৰ বয়সত ল'ৰাৰ ওজন ১৪ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ১৬ কিলোগ্ৰাম হ'ব লাগে। ৫ বছৰ বয়সত ল'ৰাৰ ওজন ১৮.৭ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ১৭.৭ কিলোগ্ৰাম হ'ব লাগে। 

৬-৮ বছৰ

৬ বছৰ বয়সত ল'ৰাৰ ওজন ২০.৭ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ১৯.৫ কিলোগ্ৰাম হ'ব লাগে। লগতে, ৭-৮ বছৰ বয়সত ল'ৰাৰ সঠিক ওজন ২২ কিলোগ্ৰামৰ পৰা ২৫ কিলোগ্ৰাম হ'ব লাগে। আনহাতে, ছোৱালীৰ ওজন ২৪-২৫ কিলোগ্ৰাম হ'ব লাগে।

৯-১১ বছৰ 

৯ বছৰ বয়সৰ ল'ৰাৰ ওজন ২৮.১ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ২৮.৫ কিলোগ্ৰাম হ'ব লাগে। আনহাতে, ১০-১১ বছৰ বয়সত ল'ৰাৰ বয়স ৩১.৪ কিলোগ্ৰামৰ পৰা ৩২.২ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীৰ বয়স ৩২.৫ কিলোগ্ৰাম আৰু ৩৩.৭ কিলোগ্ৰাম হ'ব লাগে। 

১২-১৪ বছৰ 

১২ বছৰ বয়সত ল'ৰাৰ ৩৭ কিলোগ্ৰাম আৰু ছোৱালীৰ ৩৮.৭ কিলোগ্ৰাম হ'ব লাগে।১৩ বছৰ বয়সৰ পিছত ল'ৰাৰ ওজন ৪০.৯ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ৪৪ কিলোগ্ৰাম হ'ব লাগে। ইয়াৰ উপৰিও, ১৪ বছৰ বয়সত ল'ৰাৰ ওজন ৪৭ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ৪৮ কিলোগ্ৰাম হোৱাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। 

১৫-১৮ বছৰ 

১৫-১৬ বছৰ বয়সত ল'ৰাৰ ওজন ৫৮ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ৫৩ কিলোগ্ৰাম হ'ব লাগে।১৭ বছৰ বয়সত ল'ৰাৰ ওজন ৬২.৭ কিলোগ্ৰাম আৰু ছোৱালীৰ ওজন ৫৪ কিলোগ্ৰাম হ'ব লাগে। ১৮ বছৰ বয়সত ল'ৰাৰ ওজন ৬৫ কিলোগ্ৰাম হ'ব লাগে আৰু ছোৱালীজনীৰ ওজন ৫৪ কিলোগ্ৰাম হ'ব লাগে। 

১৯-৩৯ বছৰ

১৯-২৯ বছৰ বয়সত পুৰুষৰ ওজন ৮৩.৪ কিলোগ্ৰাম হ'ব লাগে আৰু মহিলাৰ ওজন ৭৩.৪ কিলোগ্ৰাম হ'ব লাগে। আনহাতে ৩০ ৰ পৰা ৩৯ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত পুৰুষৰ ওজন ৯০.৩ কিলোগ্ৰাম আৰু মহিলাৰ ওজন ৭৬.৭ কিলোগ্ৰাম হ'ব লাগে। 

৪০-৬০ বছৰ 

৪০-৪৯ বছৰ বয়সত পুৰুষৰ ওজন ৯০.৯ কিলোগ্ৰাম আৰু মহিলাৰ ওজন ৭৬.২ কিলোগ্ৰাম হ'ব লাগে। ৫০-৬০ বছৰ বয়সত পুৰুষৰ সঠিক ওজন ৯১.৩ কিলোগ্ৰাম আৰু মহিলাৰ ওজন ৭৭ কিলোগ্ৰাম হ'ব লাগে। 

Also Read: চাহৰ পিছতে পানী খালে কি হয় জানেনে?